/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/driving-licence.jpg)
ডিজিটেল ডেস্কঃ নতুন বছৰত নতুন গাড়ী কিনিব নেকি? নতুন গাড়ী কিনক বা নিকিনক, নতুন বছৰত আপুনি লাভ কৰিব নতুন ড্ৰাইভিং লাইচেঞ্চ। বৰ্তমানৰ ড্ৰাইভিং লাইচেন্সতকৈ সম্পূৰ্ণৰূপে পৃথক হ'ব এই ডিজিটেল লাইচেঞ্চ।
আগন্তুক বৰ্ষৰ জুলাই মাহৰ পৰা সমগ্ৰ দেশতে প্ৰচলিত হ'ব এই নতুন ডিজিটেল স্মাৰ্ট ড্ৰাইভিং লাইচেঞ্চ আৰু গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এই কথা জনালে কেন্দ্ৰীয় পৰিবহণ বিভাগে। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহলৈ ইতিমধ্যে বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ে।
এটিএম কাৰ্ডৰ দৰেই নতুন ড্ৰাইভিং লাইচেঞ্চ আৰু গাড়ী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটসমূহত থাকিব কিউ আৰ ক'ড সম্পন্ন মাইক্ৰ'শ্বিপ। নতুন লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত সংযুক্ত হ'ব 'ফিল্ড কমিউনিকেশ্যন' ফিচাৰ। যাৰ ফলত ট্ৰেফিক আৰক্ষীয়ে তেওঁলোকৰ লগত থকা চোৱাইপ মেছিনত কাৰ্ডখন চোৱাইপ কৰিলেই চালক আৰু বাহনৰ সকলো তথ্য জানিব পাৰিব।
ভুৱা ড্ৰাইভিং লাইচেঞ্চ ব্যৱহাৰ কৰি যাতে কোনোৱে অনৈতিকভাৱে বাহন চলাব নোৱাৰে, তাৰ বাবেই নতুন ফিচাৰযুক্ত ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ প্ৰৱৰ্তন কৰা হ'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় পৰিবহণ বিভাগে।
আনহাতে, নতুন ড্ৰাইভিং লাইচেঞ্চত গাড়ীচলকজনৰ মৃত্যুৰ পিছত অংগদান কৰিবলৈ ইচ্ছুক নেকি সেই বিষয়েও উল্লেখ থাকিব। যদি বাহন চালকজনৰ কোনো দুৰ্ঘটনাত মৃত্যু ঘটে, যাতে তেওঁৰ অংগ প্ৰতিস্থাপন বাবে গ্ৰহণ কৰিব পৰা যায় তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগটোৱে।
লাইচেঞ্চসমূহ পুনৰ নৱীকৰণ কৰাৰ সময়তে নতুন প্ৰযুক্তিযুক্ত লাইচেঞ্চসমূহ প্ৰদান কৰা হ'ব। মাত্ৰ ২০-৩০ টকা আদায় দিয়েই অনলাইন আবেদনৰ জৰিয়তে নতুন লাইচেঞ্চ লাভ কৰিব বুলিও সদৰী কৰে কেন্দ্ৰীয় পৰিবহণ বিভাগে।