/asomiyapratidin/media/media_files/2025/09/06/dima-hasao-6-2025-09-06-13-30-03.jpg)
ডিজিটেল ডেস্কঃ ডিমা হাছাওৰ ডিগাৰ সমষ্টিৰ ৰাইজে Assam Disaster Resilient Hill Area Roads Development Project (ADRHARDP) কৰিডৰ-২ৰ চলিত জৰীপে অসম মন্ত্ৰীপৰিষদৰ দ্বাৰা অনুমোদন প্ৰাপ্ত পথ সলনি কৰাৰ অভিযোগ তুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখ্য যে, ৩,৮৭৫ কোটি টকাৰ এই প্ৰকল্প মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আৰু ২০২৫ চনৰ জুনত মন্ত্ৰীপৰিষদে এই প্ৰকল্পত অনুমোদন জনাইছিল।
এই প্ৰকল্পৰ জৰিয়তে পাৰ্বত্য জিলাখনত ৩৪৮ কিলোমিটাৰ দুৰ্যোগ সহনশীল পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ইয়াৰ ভিতৰত থংৰিকো–মৌলকং–চিমটুইলং–চেমখোৰ–মাইবাং–গুঞ্জুং–জৰাই–লংকুক (১১২ কিলোমিটাৰ) পথটো সমগ্ৰ ডিগাৰ সমষ্টিৰ মাজেৰে থকা বৰ্তমানৰ PWD পথৰ মাজেৰেই যোৱাৰ কথা আছিল।
কিন্তু এতিয়া স্থানীয় লোকে দাবী কৰিছে যে এই পথটো অন্য প্ৰান্তৰে নিৰ্মাণ কৰি তেওঁলোকৰ অঞ্চলক বাইপাছ কৰিছে। ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় গাওঁবাসীয়ে।
ডিগাৰ গাঁৱৰ লোকসকলে অভিযোগ কৰিছে যে জৰীপকৰ্তাসকলে অসত উদ্দেশ্যৰে মন্ত্ৰীপৰিষদৰ সিদ্ধান্তক আওকাণ কৰি পথাটো সলনি কৰিছে। এই সন্দৰ্ভত গাওঁখনৰ এজন লোকে কয়,- ডিগাৰ ডিমা হাছাওৰ অন্যতম পিছপৰা সমষ্টি। মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ কথা ঘোষণা কৰোঁতে আমি আশাবাদী হৈ পৰিছিলোঁ। কিন্তু পথটো সলনি হ’লে এই পথ আমাৰ বাবে কেৱল সপোন হৈয়েই থাকিব।”
অসম–নাগালেণ্ড সীমান্তত অতি কৌশলগত অঞ্চলত অৱস্থিত ডিগাৰে দীৰ্ঘদিন ধৰি বেআইনী কাৰ্যকলাপ আৰু তেওঁলোকৰ অধিকাৰ লংঘনৰ সমস্যাৰ সৈতে সংগ্ৰাম কৰি আহিছে। গাওঁবাসীয়ে যুক্তি দিছে যে উন্নয়নৰ বাবে সঠিক পথ সংযোগৰ লগতে সীমান্তৰ বেল্টত আইন-শৃংখলা বজাই ৰাখিবলৈয়ো এই পথ অতি প্ৰয়োজনীয়।
সেয়ে ক্ষোভিত জনসাধাৰণে এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ ওচৰত প্ৰত্যক্ষভাৱে আবেদন জনাইছে যাতে তেওঁলোকে বিষয়টোত হস্তক্ষেপ কৰি মন্ত্ৰীপৰিষদৰ অনুমোদিত পৰিকল্পনা অনুসৰি পথাটোৰ কোনো বিচ্যুতি নোহোৱাকৈ নিশ্চিত কৰে।