/asomiyapratidin/media/media_files/2025/11/21/ap-web-3-1-2025-11-21-16-05-38.jpg)
ডিজিটেল ডেস্কঃ ডিগবৈৰ লাচিত নগৰস্থিত আৰ. ডি. ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এক বিশেষ মত বিনিময় কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-16-05-55.jpeg)
উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই বিশেষ মত বিনিময় কাৰ্যসূচীত অনুষ্ঠিত হয় । লগতে মন্ত্ৰী পিযুষ হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থী জীৱনত অত্যন্ত শ্ৰম আৰু অধ্যৱসায়েৰে আগবাঢ়ি যাবলৈ শুভকামনা জ্ঞাপন কৰে । এই কাৰ্যসূচীত মাননয় বিধায়ক সুৰেন ফুকন আৰু বলিন চেতিয়া , ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ শ্ৰী মনোজ ধানোৱাৰ আৰু ত্ৰিদিৱজ্যোতি মৰাণসহ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-16-06-18.jpeg)
প্ৰাণিধানযোগ্য যে মন্ত্ৰীগৰাকীয়ে বহু কেইটা মন্তব্য আগবঢ়াই কয় যে - শিক্ষাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক কামতো বিদ্যালয়খনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আজি শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকেই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। বিদ্যালয়খনৰ সফলতাৰ দুটা দশক পূৰ্তি উপলক্ষে আয়োজিত অনুপ্ৰেৰণামূলক বক্তৃতা তথা অন্তৰংগ আলোচনা চক্ৰত অংশ লৈ শিক্ষার্থীসকলৰ সৈতে কিছু মত বিনিময় কৰাৰ লগতে শিক্ষার্থীসকলক সুশিক্ষাৰে শিক্ষিত হৈ সমাজ তথা দেশৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-16-07-18.jpeg)
তাৰোপৰি শিক্ষার্থীসকলক পৰ্যাপ্ত সুবিধা প্ৰদানৰ বাবে চৰকাৰ সদায় দায়বদ্ধ হৈ থাকিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-16-07-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us