কি অথ'ৰিটিত জুবিন গাৰ্গে আমাক আদেশ দিছে ?

পূব গুৱাহাটী বিহু মঞ্চই বহু শিল্পীক সৃষ্টি কৰিছে। আমাকো শিল্পীসকলক প্ৰয়োজন আছে। ৰাজহুৱাভাৱে শিল্পীসকলে কমিটীখনক যি অপদস্থ কৰিছে সেয়াও ভাল হোৱা নাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
েমি্মি

ডিজিটেল ডেস্কঃ  দিগন্ত ভাৰতীৰ সৈতে হোৱা ঘটনা সন্দৰ্ভত আজি পুনৰ এক সংবাদমেল আয়োজন কৰে পূব গুৱাহাটী বিহু সন্মিলন কমিটীয়ে। শিল্পী দিগন্ত ভাৰতীক মঞ্চতে অপমান কৰা ঘটনাক লৈ নিশা জুবিন গাৰ্গে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ কৰে বিহু সমিতিখনে।

Advertisment

পূব গুৱাহাটী বিহু সন্মিলনৰ বিষয়বীয়াই কয় যে, আমি দিগন্ত ভাৰতীক ক্ষমা খুজিব লাগিব বুলি নাভাৱো। এই ঘটনা সন্দৰ্ভত জুবিন গাৰ্গে কি Authorityত আমাক আদেশ দিছে? কোনো শিল্পীকে আমি অসন্মান কৰাৰ নজিৰ নাই। আমাৰ কিছু নিয়ম-নীতি আছে। আমাক তালিবানৰ সৈতে তুলনা কৰা হৈছে।

লগতে কয়, এইখন মঞ্চই বহু শিল্পীক সৃষ্টি কৰিছে। আমাকো শিল্পীসকলক প্ৰয়োজন আছে। ৰাজহুৱাভাৱে শিল্পীসকলে কমিটীখনক যি অপদস্থ কৰিছে সেয়াও ভাল হোৱা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, শিল্পী দিগন্ত ভাৰতীক বুধবাৰে নিশা সাজ-পোচাকক লৈ মঞ্চতে অপমান কৰিছিল পূব গুৱাহাটী বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াই। উক্ত ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে বৃহস্পতিবাৰে নলবাৰীৰ এক অনুষ্ঠানত শিল্পী দিগন্ত ভাৰতীৰ পক্ষত মাত দিছিল দুবিন গাৰ্গে।

জুবিন গাৰ্গে কৈছিল যে,মই কাকো অনুৰোধ নকৰো, মই আদেশ দিছো দিগন্ত ভাৰতীক অপমান কৰা পূব গুৱাহাটী বিহু সন্মিলনে ক্ষমা খুজিব লাগিব। 

দিগন্ত ভাৰতী