/asomiyapratidin/media/media_files/2025/11/30/1-2025-11-30-14-08-54.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিবন্ধী আৰু দুখীয়া অসুস্থ লোকৰ সেৱাৰ বাবে প্ৰসিদ্ধ সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞি আৰু হৃদয়বান একাংশ ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত ২০১১ চনত গঢ় লৈছিল কৰুণাধাৰা নামৰ এটি সংগঠন ৷ কৰুণাধাৰাই চলিত বছৰৰ অক্টোবৰ মাহলৈকে ১৬০১ গৰাকী দুখীয়া অসুস্থ ৰোগী আৰু ১৩৪২ গৰাকী প্ৰতিবন্ধী লোকক মুঠ ৪ কোটি ৯৪ লাখ ৬৬ হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়াইছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/image-40-2025-11-30-14-07-35.png)
আমাৰ ঘৰত বা সমাজত থকা বিশেষভাৱে সক্ষম লোক সকলৰ প্ৰতি সহমৰ্মিতা,সহযোগিতা আৰু সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘই ১৯৯২ চনৰ পৰা ৩ ডিছেম্বৰ দিনটো বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰি আহিছে ৷ কৰুণাধাৰাইও জন্মলগ্নৰ পৰা বিভিন্ন জিলাত প্ৰতিবন্ধী সকলক লৈ বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰি আহিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/image-42-2025-11-30-14-07-49.png)
তাৰেই অংশস্বৰূপে এইবছৰ ৩ ডিচেম্বৰত কৰুণাধাৰাই কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ “ডিফু ক্লাবত” আয়োজন কৰিছে বিশ্ব প্ৰতিবন্ধী দিৱস ৷ ৩ ডিচেম্বৰৰ পুৱা ৯ বাজি ৩০ মিনিটত পদ্মশ্ৰী সন্মান প্ৰাপক ধনেশ্বৰ ইংতিয়ে বন্তি প্ৰজ্বালনেৰে আৰম্ভ কৰিব দিনটোৰ কাৰ্যসূচী ৷ ইয়াৰ পাছতে কৰুণাধাৰাৰ পাতাকা উত্তোলন কৰিব জিলা সমিতিৰ সভাপতি নিখিল চন্দ্ৰ দাসে ৷ কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞি আৰু প্ৰতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকতিৰ প্ৰতিচ্ছবিত মাল্যপন কৰিব সচিব নৱজ্যোতি ভূঞা আৰু নীলিমা গোস্বামীয়ে ৷ বন্তি প্ৰজ্বালন কৰিব জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ বৰুৱা, জিলা মহিলা সমিতিৰ সভাপতি খিৰলা টেৰণপী,ডিফু ক্লাৱৰ সভাপতি ৰবীন গোস্বামী আৰু পৰিষদৰ উপ-সচিব দিপাঞ্জিত বৰুৱাই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/image-39-2025-11-30-14-08-04.png)
তাৰোপৰি, ১০ বাজি ১৫ মিনিটৰ পৰা হ'ব লগা শোভাযাত্ৰা মুকলি কৰিব জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে ৷ ১২ বজাৰ পৰা কৰুণাধাৰাৰ সভাপতি প্ৰতুল চন্দ্ৰ ফুকনৰ সভিপতিত্বত হ’ব লগা মুকলি সভা আনুষ্ঠানিকভাবে উদ্ধোধন কৰিব কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথেয়ে ৷ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰীণা তেৰাংপী,মাধুৰ্য্য ঢেকিয়াল ফুকন, ন্যাসৰক্ষী বাণেশ্বৰ খাউণ্ড,সচিব নৰেশ্বৰ শৰ্মা,জিলা প্ৰতিবন্ধী সন্থাৰ সভাপতি দ্বীপেন শইকীয়াই ৷ প্ৰতিবন্ধী শিল্পী জুনুকা তিচপী, অনামিকা সাংস্কৃতিক গোষ্ঠীৰ লগতে প্ৰতিবন্ধী শিল্পী দলৰ সমবেত গীত আৰু কথাৰে মুখৰ হ’ব মুকলি সভা ৷ কৰুণাধাৰাৰ সভাপতি প্ৰতুল চন্দ্ৰ ফুকন আৰু সচিব দ্বয় ডা° নৰেশ্বৰ শৰ্মা আৰু নৱজ্যোতি ভূঞাই ডিফুবাসী ৰাইজৰ লগতে সহায়ক সমিতি সমূহক উপস্থিত থাকি প্ৰতিবন্ধী লোক সকলৰ মনোবল আৰু সাহস যোগাবলৈ আহৱান জনাইছে ।
/asomiyapratidin/media/post_attachments/cdn-cgi/image/dpr=1,f=auto,fit=cover,h=450,q=85,w=1096/wp-content/uploads/disability-day1-1-179482.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us