/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/55332b73-ea41-465d-92ba-17494f6f2150/dhemaji1.jpg)
Dhemaji
ডিজিটেল সংবাদ,ধেমাজিঃ যোৱা ২১ অক্টোবৰ পৰা তিনি দিনীয়াকৈ ধেমাজি জিলা মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিচিমুখ বালিকা উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ক্ৰমে পঞ্চদশ,একাদশ আৰু দ্বাদশ জিলা অধিৱেশনৰ দেওবাৰে সফল সামৰণি পৰে ৷ তিনিদিন ধৰি অনুষ্ঠিত হোৱা কাৰ্যসূচীত জিলাখনৰ ২১ খন আঞ্চলিক সমিতিৰ পৰা অহা ৭ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷
প্ৰতিনিধি সভাত সাংগঠনিক দলিলৰ ওপৰত "শক্তিশালী সংগ্ৰামৰ বাবে শক্তিশালী সংগঠনৰ" শীৰ্ষক বিষয়ৰ ওপৰত কৰ্মশালা প্ৰদান কৰে টি এম পি কেৰ কেন্দ্ৰীয় প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰকুমাৰ চুংক্ৰাঙে আৰু সাম্প্ৰতিক সময়ত কিদৰে নিৱনুৱা যুৱক যুৱতীসকলক আত্মস্বাৱলম্বী কৰি তুলিব পাৰি তাৰ প্ৰতি প্ৰতিনিধি সভাত জীৱন-জীৱিকা বিষয়ৰ ওপৰতো কৰ্মশালা প্ৰদান কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷
অন্তিম দিনৰ কাৰ্যসূচীত পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা শেষ প্ৰতিনিধি সভাত পুৰণা সমিতি ভংগ কৰি তিনিওটা সংগঠনৰ পুনৰ এক শক্তিশালী নতুন সমিতি গঠন কৰে ৷ টি এম পি কেৰ কেন্দ্ৰীয় উপ-সভাপতি সোমেশ্বৰ কপ্তাক,সহকাৰী সম্পাদক টুনীৰাম পাংগিং,হেমজিত পাটগিৰি,ৰাজু পেগু,হিৰেন পেগু,কৃষ্ণ কান্ত দলেকে আদি কৰি বহু কেইগৰাকী কেন্দ্ৰীয় নেতৃবৃন্দৰ উপস্থিতিত ৰোহিত নৰহক সভাপতি আৰু সনাতন দলেক সম্পাদক হিচাপে লৈ মুঠ ৫৩ জনীয়া ধেমাজি জিলা টি এম পি কে সমিতিখন গঠন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5c1e6387-3bf0-438e-8444-0dd54fb2226d/dhemaji.jpg)
ইয়াৰোপৰি মুনিন্দ্ৰ দলেক সভাপতি,আৰু ৰণোজ পাঞাঙক সম্পাদক হিচাপে লৈ ৬১ জনীয়া এম এম কেৰ জিলা সমিতি আৰু জ্যোতিৰেখা মিছঙক সভানেত্ৰী আৰু ৰিণিতা পেৰমেক সম্পাদিকা হিচাপে লৈ টি এম এম কেৰ সমিতিখন সফলতাৰে গঠন কৰে ৷
আনহাতে শেষ দিনাৰ বিয়লি ২ বজাৰ পৰা হৰিচন্দ্ৰ কামানৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে মিচিং বানে কেবাঙৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি ৰাজকুমাৰ মৰাঙকে আদি কৰি অন্যান্য জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকি মুকলি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷