/asomiyapratidin/media/media_files/2026/01/20/655-2026-01-20-19-27-33.jpg)
ডিজিটেল ডেস্ক : নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলা হেৰুৱাই সমালোচনাৰ সন্মুখীন হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীল আৰু প্ৰশিক্ষক গৌতম গম্ভীৰ। ক্ৰীড়া ক্ষেত্ৰৰ উপৰিও অনুৰাগীসকলে সমালোচনাৰে থকা- সৰকা কৰিছে উভয়কে।
উল্লেখযোগ্য যে, শৃংখলাৰ অন্তিম তথা তৃতীয়খন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল ইন্দোৰ ষ্টেডিয়ামত। দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত এই মেচত পৰাস্ত হৈ শৃংখলা হেৰুৱাইছিল টীম ইণ্ডিয়াই। তাৰ পাছতে প্ৰশিক্ষক গৌতম গম্ভীৰক উদ্দেশ্যি গেলেৰীৰ পৰা ভাহি আহে “গৌতম গম্ভীৰ হায় হায়…” ধ্বনি।
মেচৰ শেষত খেলপথাৰত উপস্থিত থকা বিৰাট কোহলি, গম্ভীৰ, কে এল ৰাহুল আদিয়ে এই ধ্বনি শুনা পোৱা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে ভাইৰেল হোৱা এই ভিডিঅ’টো সম্পাদিত ভিডিঅ’ বুলি একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সামাজিক মাধ্যমত।
একাংশৰ মতে হেনো এইটো পুৰণি ভিডিঅ’। গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা মেচৰ অডিঅ’ ক্লিপ ভিডিঅ'টোত ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us