/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-8-7-2025-12-01-18-00-14.jpg)
ডিজিটেল ডেস্কঃ অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত অসম চৰকাৰৰ দ্বাৰা গঠিত মন্ত্ৰী গোটে ২৯ নৱেম্বৰত অসম বিধান সভাত প্ৰতিবেদন দাখিল কৰিছিল। ইয়াৰ লগে লগে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ মুকলি হ'ল। ফলস্বৰূপে শীঘ্ৰেই জনজাতিকৰণ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাত এই দাবী কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-17-57-33.jpeg)
ইপিনে চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ এই দাবী অমূলক, অবাস্তৱ। বৰং এয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে ৰাইজক প্ৰদান কৰা এক ৰাজনৈতিক ললিপপৰ বাহিৰে আন একো নহয়। উল্লেখ্য যে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত ডিব্ৰুগড়ত অসম জাতীয় পৰিষদে সংবাদমেলৰ আয়োজন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-17-57-50.jpeg)
উক্ত সংবাদমেল সম্বোধন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দাবী কৰে যে, জনজাতীয় অধিকাৰ খৰ্ব নোহোৱাকৈ জনজাতিকৰণ হ'ব লাগে। তেওঁ লগতে কয়, ২০১৪ ত বিজেপিয়ে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। কেৱল ইমানেই নহয় ২০১৬ৰ পৰা ২০২৫ৰ ভিতৰত ভিজন ডকুমেণ্টতো আছিল জনজাতিকৰণৰ প্ৰতিশ্ৰুতি।অসমত দুজন লোক বিজেপিৰ মুখ্যমন্ত্ৰী হ'ল। ইমানৰ পাছতো ১০ বছৰে এই সমস্যা সমাধান নহ'ল বুলি ক্ষোভ উজাৰে লুৰীণে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-17-58-07.jpeg)
তেওঁ লগতে কয়,নিৰ্বাচনৰ তিনি মাহ পূৰ্বে দাখিল কৰা এই প্ৰতিবেদন কেৱল মাত্ৰ প্ৰহসনহে। গতিকে আগন্তুক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us