আকাশবাণী ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান

প্রায় দুই দশক জুৰি তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ পশ্চিমীয়া সংগীত অনুষ্ঠানৰ ঘোষিকা হিচাপে অনুষ্ঠান পৰিৱেশন কৰি শ্ৰোতাক মুগ্ধ কৰিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আকাশবাণী ডিব্ৰুগড়ৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান। মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হয় ঘোষিকাগৰাকীৰ।  শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৪বাজি ৪০মিনিটত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। ইপিনে মগজুৰ ৰক্তক্ষৰণজনিত সমস্যাৰ পাছত তেওঁক গুৱাহাটীস্থিত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

প্রায় দুই দশক জুৰি তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ পশ্চিমীয়া সংগীত অনুষ্ঠানৰ ঘোষিকা হিচাপে অনুষ্ঠান পৰিৱেশন কৰি শ্ৰোতাক মুগ্ধ কৰিছিল। জনপ্রিয় ঘোষক চৈয়দ চাদুল্লাৰ সৈতে ফৌজিয়া ৰহমানে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ইংৰাজী ভাষাত কেইবাটাও জনপ্রিয় অনুষ্ঠান প্রযোজনা কৰিছিল। তেওঁৰ স্বামী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° আলফ্রেড ৰহমানৰ মৃত্যুৰ পাছত ফৌজিয়া ৰহমানে গুৱাহাটীত বসবাস কৰিছিল। 

WhatsApp Image 2026-01-16 at 12.55.12 PM

ফৌজিয়া ৰহমানৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ নিয়া হৈছে আৰু তাতেই তেওঁৰ জানাজা সম্পন্ন কৰিব। ফৌজিয়াই শ্বিলঙস্থিত পাইন মাউণ্ট স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পাছত চেইণ্ট মেৰিজ স্কুল, শ্বিলঙৰ পৰা ছিনিয়ৰ কেমব্ৰিজত সম্পূৰ্ণ কৰিছিল। তেওঁৰ ব্যতিক্ৰমী কণ্ঠস্বৰ আৰু মনোমুগ্ধকাৰী উপস্থাপনৰ বাবে সমাজৰ সকলো স্তৰতেই তেওঁ বিশেষ সমাদৰ লাভ কৰিছিল। 

তেখেতৰ মৃত্যুত সংগীতপ্ৰেমী আৰু শিল্পী সমাজে গভীৰভাৱে শোক প্ৰকাশ কৰিছে। অনুৰাগীসকলৰ মাজত ‘ইফি’ নামেৰে জনপ্ৰিয় ফৌজিয়া ৰহমানে নিজৰ কৰ্মজীৱনত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। 

ডিব্ৰুগড় আকাশবাণী ডিব্ৰুগড়