/asomiyapratidin/media/media_files/2025/12/13/1-2025-12-13-18-27-42.jpg)
ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ ডিব্ৰুগড় মহানগৰৰ আমোলাপট্টিত অৱস্থিত কেতেকী হোটেলৰ সভাগৃহত ১২ ডিচেম্বৰ শুক্ৰবাৰে বিয়লিৰ ভাগত অসমৰ বিশিষ্ট কবি বীৰেন গগৈৰ শেহতীয়া কবিতা-সংকলন 'শিলৰ মুখৰ হাঁহি' প্ৰখ্যাত সমালোচক ড° আনন্দ বৰমুদৈয়ে উন্মোচন কৰে। উন্মোচনী ভাষণত ড°বৰমুদৈয়ে আধুনিক অসমীয়া কবিতাৰ প্ৰতি সৰ্বসাধাৰণ পাঠকৰ অনিহাৰ কাৰণ ব্যাখ্যা কৰে। কবিতাক সৰ্বসাধাৰণৰ মাজলৈ নিবলৈ কবিসকলে কেনেধৰণৰ প্ৰচেষ্টা ল'ব লাগিব সেই সম্পৰ্কে তেওঁ পৰামৰ্শ আগবঢ়ায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/6119e1e9-4ec1-47d7-a765-207643f167ba-2025-12-13-18-26-46.jpeg)
কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে সঞ্চালনা কৰি অনুষ্ঠানটিৰ আৰম্ভণিতে কবি বীৰেন গগৈয়ে তেওঁৰ কাব্য জীৱনৰ বিষয়ে বক্তব্য প্ৰদান কৰে।অনুষ্ঠানত তৰুণ কবি কৌশিক বাস্যসে বীৰেন গগৈৰ কবিতাৰ এক বিশ্লেষণাত্ম আলোচনা আগবঢ়ায়। সমুদ্ৰ গগৈৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত উজনি অসমৰ বিশিষ্ট কবি ড° যতীন কোঁৱৰ, ড° ফৰিদা আহমেদ, ডা: ইণ্টিকাবুৰ ৰহমান, ড° কল্যাণ ভূঞা, মৃদুল কুমাৰ গগৈ, গায়ত্ৰী ফুকন, বৈদ্য ব্ৰাইট বুঢ়াগোঁহাই, ভূষণজ্যোতি সন্দিকৈ, মানসী গগৈ, ড° নিৰোদ গোহাঁই আৰু নবীন কামানে স্বৰচিত কবিতাৰ লগতে 'শিলৰ মুখৰ হাঁহি' সংকলনৰপৰা একোটাকৈ কবিতা পাঠ কৰে। অনুষ্ঠানত লক্ষ্মীনন্দন বৰগোহাঞি, অপৰ্ণা বড়া, কুঞ্জমোহন ভূঞা, চন্দন ফুকন, নকুল খাউণ্ড, জয়ন্ত দেৱ, কোচৰাম শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বীৰেন গগৈৰ ব্যক্তিত্ব আৰু কবিতাৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে কবিতা-সংকলনটি প্ৰকাশ কৰিছে দ্বিভাষিক অনলাইন কবিতা-আলোচনী প'য়েট্ৰী উইডাউট ফীয়েৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us