/asomiyapratidin/media/media_files/2025/11/02/1-2025-11-02-22-06-41.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা নিৰ্দেশনাই তোলপাৰ লগাইছে এখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত। সমাগত পৰীক্ষাকলৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে শিক্ষাৰ্থী সকল।
যোৱা ৩১ অক্টোবৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ মেম' নম্বৰ ডি ইউ /চি অ ই/২০২৫ /৪৪০ নং নিৰ্দেশনাৰ জৰিয়তে মহাবিদ্যালয়খনৰ স্নাতক ষান্মাষিকৰ পৰীক্ষা কেন্দ্ৰটো বাতিল কৰি অন্য এখন মহাবিদ্যালয়ত সংলগ্ন কৰাত অনাহুত পৰিস্থিতিৰ উদ্ভৱ হৈছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নিৰ্দেশনা ভিত্তিত বিভাগীয় পৰীক্ষা নিয়ন্ত্ৰক ক ডঃ পি কে কাকতিয়ে জাৰি কৰা এই নিৰ্দেশনাটোৱে ঢকুৱাখনা সমজিলাৰ ৰেগাম সোৱণশিৰী মহাবিদ্যালয়লৈ নমাই আহিছে এই মহা দুৰ্যোগ।
সংগৃহীত তথ্য মতে মহাবিদ্যালয়খনত দেখা দিয়া ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি কেন্দ্ৰিক সাম্প্ৰতিক অচলাবস্থা সদৃশ পৰিস্থিতিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অহা ১১অক্টোবৰৰ পৰা আৰম্ভ হব লগা ষান্মাষিক পৰীক্ষা কেন্দ্ৰটো সাময়িক ভাৱে বাতিল কৰি গোগামুখ মহাবিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ।
এই সন্দৰ্ভত মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক অৱগত কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ বাবেই তোলপাৰ লাগিছে অভিভাৱক শিক্ষাৰ্থীৰ মাজত। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰশাসনিক মুৰব্বী নিযুক্তি কেন্দ্ৰিক শিক্ষক সমাজ সৃষ্ট যুঁজখনৰ বাবেই পৰীক্ষা কেন্দ্ৰটো উঠাই গোগামুখ মহাবিদ্যালয়ত সংলগ্ন কৰা পৰিলক্ষিত হৈছে।
যাক লৈ মহাবিদ্যালয়ৰ সকলো শিক্ষাৰ্থী আৰু অভিভাৱক ৰাইজ ক্ষুব্ধ হোৱাই নহয় এনে সিদ্ধান্তৰ ঐক্যবদ্ধ বিৰোধিতা কৰি এই সিদ্ধান্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰত্যাহাৰ কৰিবলৈ ৰাজহুৱা আহ্বান জনাইছে।
অহা ১১ নৱেম্বৰৰ পৰা আৰম্ভ হব লগা ষান্মাষিক পৰীক্ষাৰ পূৰ্বে কেন্দ্ৰ সলনিৰ এই সিদ্ধান্তই ছাত্ৰ ছাত্ৰী সকলক মানসিক হেঁচা প্ৰয়োগ কৰাই নহয় আৰ্থিক ভাৱেও দৰিদ্ৰ শিক্ষাৰ্থী সকলক ক্ষতিগ্ৰস্ত কৰিব বুলি মন্তৱ্য কৰি শিক্ষাৰ্থী সকলে মহাবিদ্যালয়তেই এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছে ।
অন্যথা পৰীক্ষা বৰ্জন কৰাৰ বিকল্প নাথাকিব বুলি ক্ষোভ প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয়ৰ কঠোৰ নিৰ্দেশনাই সমগ্ৰ সোৱণশিৰি অঞ্চল জোকাৰি যোৱাৰ পৰৱৰ্তী সময়ত এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত শনিবাৰে মিচিং জাতীয় সংগঠনৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত এখন গুরুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয় ।
বৈঠকত এই সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ অন্তত বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ উপাচাৰ্যক আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিষয়টো বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষা মন্ত্ৰীক অৱগত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
বৈঠকত জাতীয় সংগঠনৰ চাৰিখন আঞ্চলিক সমিতিৰ নেতৃবৰ্গ আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত থাকি এক সুস্থ শৈক্ষিক পৰিৱেশ বর্তাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনায় উপচাৰ্যক সাক্ষ্যৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
স্মৰ্তব্য যে বৃহত্তৰ অঞ্চলটোৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি দিয়াৰে পাছত নতুন প্ৰশাসনিক মুৰব্বী ডঃ মিমে ৰাণী চিন্তেক যোগদান কৰাত প্ৰকাশ্যে বিৰোধিতা কৰি আহিছিল শিক্ষক সকলে। এই সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত যোৱা ২৬ অক্টোবৰত এক বাতৰি প্ৰকাশ হৈছিল ।
প্ৰকাশিত বাতৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৃষ্টিগোচৰ হোৱাত যোৱা ৩১ অক্টোবৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ মহাবিদ্যালয়খনৰ পৰীক্ষা কেন্দ্ৰৰ স্বীকৃতি বাতিল কৰি মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰটোৰ পৰীক্ষাৰ্থী সকলক গোগামুখ মহাবিদ্যালয়ত দিয়াৰ ব্যৱস্থা কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল ।
দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ সদৃশ এনে জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাত স্থানীয় ৰাইজ ,অভিভাৱক, জাতীয় সংগঠন একত্ৰিত হৈ শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত এই কঠোৰ নিৰ্দেশনা বাতিলৰ পক্ষত থিয় দিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us