উজনি অসমত এইবাৰ ৰাজমিস্ত্ৰীৰ ৰূপত মিঞা চোৰ...

ডিব্ৰুগড় চহৰৰ শ্মশানপাৰা অঞ্চলত সংঘটিত এক চুৰিকাণ্ডৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৃহস্থৰ অনুপস্থিতিৰ সুযোগ লৈ চুৰি কৰিবলৈ চেষ্টা কৰাৰ সময়তে হাতে-লোটে ধৰা পৰিল দুইজন ৰাজ-মিস্ত্ৰী।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় চহৰৰ শ্মশানপাৰা অঞ্চলত সংঘটিত এক চুৰিকাণ্ডৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৃহস্থৰ অনুপস্থিতিৰ সুযোগ লৈ চুৰি কৰিবলৈ চেষ্টা কৰাৰ সময়তে হাতে-লোটে ধৰা পৰিল দুইজন ৰাজ-মিস্ত্ৰী।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ পৰা ৰাজ-মিস্ত্ৰীৰ কামৰ বাবে ডিব্ৰুগড় লৈ আহিছিল কেইজনমান শ্রমিক। অসীম পাল নামৰ এজন ঠিকাদাৰে কামৰ সুবিধাৰ্থে তেওঁলোকক শ্মশানপাৰা অঞ্চললৈ আনিছিল। অভিযোগ অনুসৰি, সেইসকলৰ মাজৰে ৰমিজ আলী আৰু আশ্ৰাফুল আলী নামৰ দুই ৰাজ-মিস্ত্ৰীয়ে গৃহস্থৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰাংকৈ ঘৰত প্ৰৱেশ কৰে।

কিন্তু চুৰি কৰি থকা অৱস্থাতে স্থানীয় ৰাইজে সন্দেহ কৰি দুয়োজনকে হাতে-লোটে ধৰা পেলাই। পিছত ক্ষুব্ধ ৰাইজে অভিযুক্ত দুজনক আৰক্ষীৰ হাতত অৰ্পণ কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে দুয়োকে আটক কৰি থানালৈ লৈ যায়।

বৰ্তমানে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত বিশদ অনুসন্ধান আৰম্ভ কৰিছে। ইয়াৰ সৈতে আন ব্যক্তি জড়িত আছে নে নাই সেই বিষয়েও অনুসন্ধান আৰম্ভ কৰিছে। স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, অঞ্চলটোত বহিঃজিলাৰ পৰা অহা শ্রমিকৰ সংখ্যা বৃদ্ধি পাইছে।

এনে ঘটনাই সাধাৰণ লোকৰ মাজত সুৰক্ষা হীনতাৰ অনুভূতি সৃষ্টি কৰিছে। ইফালে আৰক্ষী বিভাগে ও নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

ডিব্ৰুগড়