/asomiyapratidin/media/media_files/2026/02/09/81-2026-02-09-13-08-20.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : তেজপুৰস্থিত তেজপুৰ মহাবিদ্যালয়ত ৮ আৰু ৯ ফেব্ৰুৱাৰী ২০২৬ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে হীৰক জয়ন্তী সামৰণি অনুষ্ঠান ৷ ৯ ফেব্ৰুৱাৰী ২০২৬ সোমবাৰৰ কাৰ্যসূচী অনুসৰি সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হ'ব ৷
লক্ষ্যণীয় এয়ে যে আজি আবেলি ১-৩০ বজাৰ পৰা ৪-০০ বজালৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ (Arrear 2023-24 batch) দৰ্শন ( Philosophy) বিষয়ৰ ষান্মাষিক চূড়ান্ত পৰীক্ষা আছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে হীৰক জয়ন্তীৰ বাৰেৰহণীয়া কাৰ্যসূচীত ব্যস্ত থকা অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকা আৰু মহাবিদ্যালয়ৰ শৈক্ষিক পৰিষদে পৰীক্ষাৰ বিষয়টোক সম্পূৰ্ণ আওকাণ কৰা পৰিলক্ষিত হৈছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-20-2026-02-09-13-02-33.jpeg)
কিয়নো কেৱল মনোৰঞ্জন অনুষ্ঠানক আগস্থান দি উক্ত পৰীক্ষাটো তেজপুৰ মহাবিদ্যালয়ৰ পৰিৱৰ্তে দৰং মহাবিদ্যালয়ত অনুষ্ঠিত কৰিছে ৷ এই মুহূৰ্ত পৰীক্ষাটো দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হৈ আছে ৷
উল্লেখযোগ্য যে পৰীক্ষাৰ্থীক মহাবিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাটো তেজপুৰ মহাবিদ্যালয়ৰ পৰিৱৰ্তে দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব বুলি ফোনযোগে জনাইছে ৷ কাৰ্যসূচী অনুসৰি মুকলি সভাত তেজপুৰ বিধানসভাৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰ জিলা আয়ুক্ত , উচ্চশিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱা, লেখক সাহিত্যিকসকল ময়ূৰ বৰা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিনীতা বৰা দেৱচৌধুৰীকে আদিকে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2026-2026-02-09-13-01-57.jpeg)
উল্লেখ কৰা ভাল যে,
(১)২০২৩-২৪ বৰ্ষতে স্নাতক প্ৰথম ষান্মাষিকত নামভৰ্তি কৰা ছাত্ৰছাত্ৰীয়ে আজি পৰ্যন্ত লাভ কৰা নাই পৰিচয় পত্ৰ ৷ আনকি ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীয়েও লাভ কৰা নাই পৰিচয় পত্ৰ ৷ ছাত্ৰ-ছাত্ৰীসকলে পৰিচয় পত্ৰ বিচাৰি অধ্যক্ষক বাৰম্বাৰ অনুৰোধ জনোৱা পিছতো লাভ কৰা নাই ৷
তাৰ পৰিৱৰ্তে অধ্যক্ষই ছাত্ৰ-ছাত্ৰীক পৰিচয় পত্ৰ নহ’লেও হ’ব বুলি বিষয়টো আওকাণ কৰিছে ৷ মহাবিদ্যালয়ত প্ৰায় ৪ হাজাৰ ছাত্ৰ-ছাত্ৰী আছে বৰ্তমান ৷ পৰিচয় পত্ৰৰ বাবদ নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা হয় ৫০ টকাকৈ ৷
(২) তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ লগতে আছে এটি গোপন কক্ষ ৷ কিছুদিনৰ আগতে অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই উক্ত কোঠাৰ বাবে মহাবিদ্যালয়ৰ টকাৰে এখনি কাঠৰ বক্স পালেং নিৰ্মাণ কৰি লৈছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2-2026-02-09-13-02-17.jpeg)
(৩) ড° মনোজ কুমাৰ হাজৰিকা আৰ এছ এছ, তেজপুৰ শাখাৰ অতি ঘনিষ্ঠ আৰু মহাভৈৰৱ মন্দিৰৰ পৰিচালনা সমিতিৰ সদস্য ৷ সেই সুবাদতে তেওঁ অধ্যক্ষ হোৱাৰ লগে লগে এই মহাবিদ্যালয়ত পূৰ্বৰে নিয়মিতভাৱে পৰা অনুষ্ঠিত হৈ থকা 'ফাতেহা ই-ইয়াজদাহম' বন্ধ কৰি দিছে ৷ তেওঁৰ মতে মহাবিদ্যালয়ত কেৱল হিন্দু সনাতনী অনুষ্ঠানহে পাতিব পাৰি ৷
(৪) মহাবিদ্যালয়ে নিযুক্তি দিয়া অংশকালীন অধ্যাপকসকলৰ গৰিষ্ঠসংখ্যকৰে নাই নেট/শ্লেট ৷
(৫) ক্লাছৰ ক্ষেত্ৰত অধ্যক্ষই গুৰুত্ব নিদি মুটা অংকৰ টকাৰ লোভত মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ বাহিৰৰ সংগঠনক মেল- মিটিং অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাত দীৰ্ঘদিনৰ পৰা মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ আহিছে ৷
(৬) ড° মনোজ কুমাৰ হাজৰিকা কেইবাখনো Fake online বিশ্ববিদ্যালয়ৰ লগত জড়িত ৷ ইতিমধ্যে তেওঁ 21st centuryopen university নামৰ এখন ফেক বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে hon. full professor entrepreneursship development ৷ একেখন বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ি মহাবিদ্যালয়ৰ আন দুগৰাকী অধ্যাপককো ডক্টৰেট প্ৰদান কৰিছিল ৷ ড° হাজৰিকা Global interfaith university online নামৰ fake university এখনোৰ সৈতেও জড়িত ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us