ধূপধৰাত আৰক্ষীৰ অভিযান, খেদি খেদি জব্দ কৰিলে তিনিখন বাহন সহ ১৬টা চোৰাং গৰু...

অসমৰ পৰা প্ৰায়ে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ হৈ আছে চোৰাং গৰু

author-image
Asomiya Pratidin
New Update
ধূপধৰাত আৰক্ষীৰ অভিযান, খেদি খেদি জব্দ কৰিলে তিনিখন বাহন সহ ১৬টা চোৰাং গৰু...

cow and mini truck

ডিজিটেল সংবাদ, ধূপধৰাঃ গো-ধন সুৰক্ষাৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিচতো দুষ্টচক্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা ৷ প্ৰশাসন-আৰক্ষীৰ চকুত ধুলি দি এই চক্ৰই প্ৰতিদিনে চলাই গৈছে গৰুৰ চোৰাং বেহা ৷ আনকি আৰক্ষীৰ এনকাউণ্টাৰলৈও যেন ভয় নাই চোৰাং গৰু চক্ৰৰ ব্যৱসায়ীৰ। যাৰ বাবে অসমৰ পৰা প্ৰায়ে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ হৈ আছে চোৰাং গৰু ৷ তেনে এক চোৰাং গৰু ব্যৱসায়ী চক্ৰই তিনিখন বাহনেৰে ১৬ টাকৈ চোৰাং গৰু সৰবৰাহ কৰাৰ সময়তে বুধবাৰে নিশা ধূপধৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসে জানিবলৈ দিয়া মতে আৰক্ষীৰ দল এটাই নিয়মিত পেট্ৰলিং কৰি থকাৰ সময়তে ধূপধৰাৰ চেলাবড়ী অঞ্চলত এখন মিনি ট্ৰাক আৰু দুখন বলেৰো পিক-আপ বাহনৰ ওপৰত সন্দেহ ওপজাত ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশক অমান্য কৰি তীব্ৰগতিত পলাই যায়। পিচত আৰক্ষীৰ দলটোৱে লগে লগে বাহনকেইখনৰ পিছ লয় আৰু বহু দূৰ খেদি খেদি আৰক্ষীয়ে বাহনকেইখন ধৰিবলৈ সক্ষম হয় ৷

অৱশ্যে আন্ধাৰৰ সুযোগ লৈ বাহনকেইখনৰ পৰা চোৰাং ব্যৱসায়ীৰ দলটো পলাই যাবলৈ সক্ষম হয় ৷ পিচত বাহন তিনিখনৰ দুখনৰ পৰা ১৬ টা কৈ চোৰাং গৰু জব্দ কৰি ধূপধৰা থানালৈ লৈ আনে ৷ আৰক্ষীয়ে জব্দ কৰা বাহনকেইখনৰ মিনি ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে এ এছ০১ ই চি ৯৪৪৮ আৰু বলেৰো পিকআপ দুখনৰ পঞ্জীয়ন নম্বৰ হৈছে ক্ৰমে এ এছ ০১ এন চি ৪৯৯৯ আৰু এ এছ ১৮ চি ৭২৭০ ৷

ইফালে অসম তথা গোৱালপাৰা জিলাৰ পৰা মেঘালয় সীমান্ত অঞ্চললৈ একাংশ চোৰাং ব্যৱসায়ীয়ে চোৰাং গৰু সৰবৰাহ কৰি থকাৰ কথা উল্লেখ কৰাৰ লগতে এনে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰাখিব বুলি আৰক্ষী বিষয়া মনোজ কুমাৰ দাসে জানিবলৈ দিয়ে ৷

Assam police