ঢুলীয়াপাৰত জীৱন্ত ঘোঁৰাই টনা ৰথত কংস, দৈৱকী আৰু বাসুদেৱ...

পেঁপা গগনাৰ মাতেও সোণত সুৱগা চৰাইছিল ৷ এই নান্দনিক পৰিবেশ দেখিবলৈ পোৱা গ’ল এসময়ৰ ৰাজধানী ৰংপুৰৰ প্ৰাণকেন্দ্ৰ জয়সাগৰ সমীপতেই থকা ঢুলীয়াপাৰ অঞ্চলত ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিৱসাগৰঃ পুৰাণত বৰ্ণিত অত্যাচাৰী ৰজা কংস ভগ্নী দৈৱকী আৰু বাসুদেৱ উঠি থকা সুশোভিত ৰথখন জীৱন্ত ঘোঁৰাই ঐতিহাসিক দুবৰিয়নি আলিয়েদি ধীৰ গতিৰে আগবাঢ়িছিল  ঢুলীয়াপাৰৰ দিশে ৷ ৰথৰ আগে আগে ৰজা কংসৰ সেনাপতি সহিতে ভালেসংখ্যক দেহৰক্ষী ৷ পিছে পিছে আগবাঢ়িছিল বিয়ানাম, বিহুনাম গোৱা কেইবাশতিকা পুৰুষ মহিলা ৷ আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত 

WhatsApp Image 2025-11-07 at 2.20.19 PM

ঢোল বজোৱাত পাৰ্গত বুলি সুনাম থকা ঢুলীয়াপাৰৰ পাহুৱাল ডেকাৰ ঢোলৰ চাপৰ আৰু পেঁপাৰ লহৰত ৰজনজনাই গৈছিল ঐতিহাসিক ৰংপুৰৰ আকাশ বতাহ ৷ দশোদিশে আনন্দৰ লহৰ ৷ পেঁপা গগনাৰ মাতেও সোণত সুৱগা চৰাইছিল ৷ এই নান্দনিক পৰিবেশ দেখিবলৈ পোৱা গ’ল এসময়ৰ ৰাজধানী ৰংপুৰৰ প্ৰাণকেন্দ্ৰ জয়সাগৰ সমীপতেই থকা ঢুলীয়াপাৰ অঞ্চলত ৷

উল্লেখ্য যে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো ব্যতিক্ৰমী পৰিকল্পনাৰে ঐতিহাসিক ঢুলীয়াপাৰত   তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ল শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৷ এইবাৰ ৮০ সংখ্যক বছৰৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে উদযাপন কৰিছে ৰাস মহোৎসৱ ৷ বাস্তৱিকতেই ঢুলীয়াপাৰত প্ৰতিবছৰে ব্যতিক্ৰমী চিন্তা আৰু  পৰিকল্পনাৰে ৰাস মহোৎসৱ উদযাপন কৰা হয় ৷

WhatsApp Image 2025-11-07 at 2.20.18 PM

কালি নিশা এক নান্দনিক আৰু আনন্দদায়ক পৰিবেশত আৰম্ভ কৰা হয় ৰাস মহোৎসৱ ৷ গাঁওখনৰ জগন্নাথ নেওগৰ বাসগৃহটো ৰজা কংসৰ ঘৰ ৰূপে চিত্ৰায়িত কৰা হয় ৷ ৰজা কংসই মৰমৰ ভগ্নী দৈৱকীক এই ঘৰখনৰ পৰাই বিয়া দিয়াৰ ব্যৱস্থা কৰে ৷ ঘোঁৰাই টনা ৰথত কংসই ভনীয়েক আৰু ভনীজোঁৱায়েক উঠাই নিজেই ঘোঁৰাৰ লেকাম ধৰি আগবঢ়াই দি ৰাস মঞ্চত প্ৰৱেশ কৰাৰ মূহূৰ্ততে “বাসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰই কংসক বধ কৰিব” বুলি আকাশবাণী হয় ৷ এই দৃশ্যৰ পৰাই আৰম্ভ হয় ৰাস ৷ 

 কংসৰ চৰিত্ৰত বিদিত বৰা, দৈৱকীৰ চৰিত্ৰত তুস্কিতা কলিতা, বাসুদেৱৰ চৰিত্ৰত ৰিংকুমণি কলিতা, কালকেতুৰ চৰিত্ৰত দেৱ দাসৰ উপৰি ৰিয়ান বৰা, গোলচন নেওগ, ঐশ্বিক বৰা, অলংকৃতা দত্তই কৰা সাৱলীল অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷ বিজুলী চাকিৰ ছাঁ পোহৰৰ খেলা আৰু বাঁহী অমিয়া সুৰে উদ্ভাসিত কৰা এক মনোৰম পৰিবেশৰ মাজেৰে আগবঢ়া ৰাসৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

WhatsApp Image 2025-11-07 at 2.20.15 PM

উল্লেখ্য যে উজনি অসমৰ পুৰণি আৰু লেখতল’বলগীয়া ৰাস সমূহৰ ভিতৰত  শিৱসাগৰ ঢুলীয়াপাৰৰ ৰাস মহোৎসৱ অন্যতম ৷ দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে অৰ্থাৎ ১৯৪৫ চনত বৃহত্তৰ অঞ্চলটোৰ একাংশ সংস্কৃতিবান লোকে প্ৰথম বাৰৰ বাবে  ঢুলীয়াপাৰত ৰাস অনুষ্ঠিত কৰিছিল ৷ এইবাৰ ঢুলীয়াপাৰ ৰাস সমাজে গৌৰৱময় যাত্রাৰ আশী সংখ্যক বৰ্ষপূৰ্তি এক বিশাল আৰু বণাৰ্ঢ্য কাৰ্যসূচীৰে চাৰিদিনীয়াকৈ ৰাস উদযাপন কৰিছে ৷

ৰাস মহোৎসৱভাৰ প্ৰথমদিনা পুৱা ঊষা কীৰ্তনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে মূল পতাকাৰ লগতে ৮০ খন পতাকা উত্তোলন কৰে শিৱসাগৰৰ সমাজজীৱনৰ লগত জড়িত শংকৰলাল আগৰৱালা, শৰৎ হাজৰিকা, সজীৱলাল বৰুৱা, ড° উৎপল দত্ত, সন্তুষ আগৰৱালা, মনোজ ভাগৱতীকে আদিকৰি ৮০ গৰাকী ব্যক্তিয়ে। উদযাপন সমিতিৰ হৈ ঋতুপৰ্ণ দত্ত আৰু সন্তুষ দত্তই আঁত ধৰা অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি মুকুল বৰাই ঢুলীয়াপাৰৰ ৰাসৰ জন্মলগ্নৰ পৰা সাম্প্ৰতিক সময়লৈকে ইতিহাসৰ ব্যাখ্যা কৰে ৷

WhatsApp Image 2025-11-07 at 2.20.20 PM

তাৰ পিছতেই শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ গুৰিধৰে বিশিষ্ট শিক্ষাবিদ কাৰ্তিক চন্দ্ৰ দত্তই ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে ৰাস সমিতিৰ লগত জড়িত প্ৰয়াত ব্যক্তি সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ 

 সন্ধ্যা গায়ন- বায়নৰ অন্তত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ শিশু লীলা খণ্ড উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে ৷ মন্ত্ৰী যোগেন মহনে ৰাসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷ দ্বিতীয় দিনা পুৱা প্ৰায় ১১  বজাত অঞ্চলটোত বিশাল সাংস্কৃতিক শোভাযাত্রা বাহিৰ কৰা হ’য়। গজৰাজে আগবঢ়াই নিয়া বিশাল শোভাযাত্ৰাক নেতৃত্ব দিয়ে শতাধিক গায়ন বায়নে ৷

WhatsApp Image 2025-11-07 at 2.20.17 PM (1)

শোভাযাত্ৰাত  বৃহৎ আকাৰৰ শ্ৰীমদ্ভাগৱত গাড়ীৰে কঢ়িয়াই নিয়া হয় ৷ শোভাযাত্ৰাত ৰাসলীলাৰ বিভিন্ন দৃশ্য উপস্থাপন কৰা হয় ৷ আইনাম, বিয়ানাম, দিহানাম, আয়তীৰ উৰুলি তথা দবা শংখৰ শব্দই আকাশ বতাহ মুখৰিত কৰে ৷ দহ কিলোমিটাৰৰো অধিক দূৰত্ব এই দলটোৱে পৰিভ্ৰমী ৰংপুৰত আনন্দময় পৰিবেশৰ সৃষ্টি কৰে ৷

এই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰি উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ তথা ক্ৰীড়া উদ্যোগী লক্ষ্মীকান্ত মহন্তই ৰাসলীলা তাত্ত্বিকগত কথা ব্যাখ্যা কৰে ৷ উদ্বোধনী অনুষ্ঠানত মুকুল বৰা, মানস শইকীয়া, ব্ৰজেন দত্ত, পল্লব বৰা, উত্তম শইকীয়া, পৰিক্ষীত বৰা, পাৰ্থপ্ৰতীম বৰা, অপূৰ্ব বৰা, ৰাজেন্দ্ৰ প্ৰসাদ বৰা, ঘনকান্ত শৰ্মা, দিপ্তী দত্ত, যাদৱ বৰা সহিতে কেইবা শতাধিক লোক উপস্থিত থাকে ৷

WhatsApp Image 2025-11-07 at 2.20.15 PM (1)

 "ব্ৰজনন্দন" উন্মোচন কৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ বিধায়ক অখিল গগৈয়ে এই স্মৃতিগন্থখনিত নতুন প্ৰজন্মই ৰাস আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰৰ সাহিত্য চৰ্চা সম্পৰ্কে বহু সমল বিচাৰি পাব বুলি মন্তব্য কৰে ৷ অখিল গগৈয়ে কৃষ্ণ সাহিত্যৰ যোগেদি শ্ৰীমন্ত শঙ্কৰদেৱৰ ভাৰত আৰু অসমৰ মানুহৰ মাজত  সাংস্কৃতিক ভাৱে সমন্বয় ঘটোৱাৰ কথা ব্যক্ত কৰে ৷

অনুষ্ঠানত উপস্থিত থাকি শিক্ষাবিদ ড° পঞ্চানন বৰঠাকুৰ, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড° প্ৰতীম শৰ্মা, বীৰ লাচিত বৰফুকন কলেজৰ অধ্যক্ষ ড° পংকজ হাজৰিকা, নাট্যকাৰ প্ৰশান্ত শৰ্মা আৰু সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই ৰাসলীলা সম্পৰ্কে বক্তব্য আগবঢ়াই ৷ সভাত মুকুল বৰা, ঋতুপৰ্ণ দত্ত, মানস শইকীয়াকে আদিকৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷ 

ঐতিহাসিক ঢুলীয়াপাৰ ৮০ সংখ্যক বাৰ্ষিক ৰাসলীলা মহোৎসৱৰ কালি মহাৰাস খণ্ডটো উদ্বোধন কৰি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য তথা বিশিষ্ট সাহিত্যিক ড° জ্যোতিপ্ৰসাদ শ‍ইকীয়াই । ভাষণত তেওঁ ৰাসলীলাৰ তত্ত্ব, গুৰুজনাৰ দৰ্শন সন্দৰ্ভত কয় যে সাম্প্রতিক সময়ত ৰাসলীলাৰ ৰাসক্রীড়াৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ গভীৰ তাত্ত্বিক বিষয়সমূহ সাম্প্রতিক সময়ত বিস্তৃত অধ্যয়ন আৰু গভীৰ চিন্তাৰ প্ৰয়োজন আহি পৰিছে।

WhatsApp Image 2025-11-07 at 2.20.22 PM

ভগৱান শ্ৰীকৃষ্ণৰ বাণী আমাৰ নতুন প্ৰজন্মই হৃদয়ংগম কৰা উচিত। ৰাসলীলা আধ্যাত্মিক দর্শন আমি উপলব্ধি কৰিব লাগিব। ভগৱান শ্ৰীকৃষ্ণৰ মহৎ বাণীসমূহ সাৰোগত কৰি আমি সকলোৱে সমাজ জীৱনক জীপাল কৰিব লাগিব। কৃষ্ণ সংস্কৃতিয়ে নির্মাণ কৰিব লাগিব আমাৰ সমাজখন ।

সমাজখনক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ'লে নেদেখাজনৰ বাণী একান্ত আৰু শুদ্ধভাৱে পালন কৰিব লাগিব বুলি ব্যক্ত কৰে। উদ্যাপন সমিতিৰ সম্পাদক ঋতুপর্ণ দত্ত আৰু সন্তোষ দত্তই আঁত ধৰা  অনুষ্ঠানটোত উপাচার্য ড° শ‍ইকীয়াক উদযাপন সমিতিৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

 কালি পুৱা নাম-প্ৰসংগ হোৱাৰ পাছত সন্ধিয়া বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২৩ গৰাকী কীর্তিমানক অভিনন্দন জনোৱা হয়। উত্তম শ‍ইকীয়া, পৰীক্ষিত বৰাই আঁত ধৰা আৰু নামঘৰীয়া ধর্ম দত্তই বন্তি প্রজ্বলনৰে শুভাৰম্ভ কৰা অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ উচ্চ মাধ্যমিকৰ ৭ গৰাকী আৰু ১১ গৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৮গৰাকী কীৰ্তিমানৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ ক্ৰীড়াৰ ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা অভিশ্রুতি ভূঞা, ভক্তিমূর্ছনা বৰা, ত্রিনয়ন বৰা, গৌৰাংগী বৰা আৰু লভলীনা বৰাক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে।

একেটা অনুষ্ঠানতে নাট পৰিচালক সৌমাৰ বৰা, দোহাৰ পৰিচালক কাকু নেওগ আৰু  ভাওনা দলটোৰ দলপতি দীক্ষিত বৰাক উদযাপন সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।  অনুষ্ঠানত ৰাজেন্দ্ৰ প্ৰসাদ বৰা, ৰাস পৰিচালনা আৰু সাংস্কৃতিক উপ-সমিতিৰ সভাপতি খগেন নেওগ, সম্পাদক জিতু দত্ত, সূৰ্য বৰা, ব্ৰজেন দত্ত, স্থায়ী ৰাস সমাজৰ সম্পাদক তনুজ বৰা, অপূৰ্ব বৰা, প্ৰদীপ বৰা, প্রভাত বৰা, ঘনকান্ত শৰ্মা, পৱিত্ৰ কলিতা, যাদৱ বৰা, ৰমেশ বৰা, ৰূপম দত্ত, মানস শ‍ইকীয়া, ইভা দত্ত, মন্দিৰা বৰাকে ধৰি স্থানীয় ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।  নিশা সন্মিলিত ৰংপুৰ আঞ্চলিক নাট্য সমাজৰ দ্বাৰা ‘কংস বধ’ ভাওনা প্ৰদৰ্শন কৰা হয়। প্ৰতিগৰাকী কলা-কুশলী,শিল্পীৰ সুন্দৰ অভিনয়ে উজ্জীৱিত কৰে ঐতিহাসিক ঢুলীয়াপাৰৰ ৮০ সংখ্যক বাৰ্ষিক ৰাস মহোৎসৱৰ ।

ৰাস মহোৎসৱ ৰাস পূৰ্ণিমা