বহি:ৰাজ্যত ধুবুৰীৰ দুই শ্ৰমিক ভাতৃৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

ধুবুৰী জিলাৰ মটেৰঝাৰ অঞ্চললৰ পৰা মেঘালয়ৰ শ্বিলঙত কাম কৰিবলৈ গৈ দুজন শ্ৰমিক ভাতৃৰ মৃত্যু হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
dimpleescsdsdsd

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ মটেৰঝাৰ অঞ্চললৰ পৰা মেঘালয়ৰ শ্বিলঙত কাম কৰিবলৈ গৈ দুজন শ্ৰমিক ভাতৃৰ মৃত্যু হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। শুকুৰবাৰে নিশা শুই থকা অৱস্থাতে দুই শ্ৰমিক ভাতৃৰ ৰহস্যজনক ভাবে মৃত্যু হোৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

ৰহস্যজনক ভাবে বহি:ৰাজ্যত মৃত্যু হোৱা দুই ভাতৃৰ আন এগৰাকী ভাতৃ বৰ্তমানে শ্বিলঙৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে, গোলকগঞ্জৰ মটেৰঝাৰ অঞ্চলৰ তিনি ভাই ককাই ক্ৰমে ইমদাদুল হক (৫২), ইক্ৰামুল হক ( ৪৯) আৰু মফিদুল হকে(৪৫) কিছুদিন পূৰ্বে মেঘালয়ৰ শ্বিলঙত কাম কৰিবলৈ গৈছিল। শ্বিলঙত তিনিও ভাই ককাইয়ে ৰাজমিস্ত্ৰীৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে।

নিশা ভাত খাই কোঠালিত কয়লাত জুই জ্বলাই তিনিও ভাই-ককাই শুই পৰিছিল। কিন্তু ৰাতিপুৱা ইমদাদুল হক (৫২), ইক্ৰামুল হক ( ৪৯) ক মৃত অৱস্থাত প্ৰতক্ষ্য কৰে সৰু ভাইটি মফিদুল হকে। ইফালে মফিদুল এই বিষয়ে স্থানীয় লোক আৰু অন্যান্য শ্ৰমিকক অৱগত কৰি মফিদুল হকো অসুস্থ হৈ পৰে।

পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু অন্যান্য শ্ৰমিকৰ দলে উক্ত স্থানলৈ আহি স্থানীয় আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ লগতে মফিদুল হকক অসুস্থ অৱস্থাত শ্বিলঙৰ এখন স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। বৰ্তমানে মফিদুলৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

 আনহাতে মফিদুলৰ দুই ভাতৃ ইমদাদুল হক (৫২) আৰু ইক্ৰামুল হক ( ৪৯)ৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় এক সূত্ৰই সন্দেহ কৰা মতে তিনি ভাই-ককাইয়ে থকা কোঠালিটোত নিশা কয়লাত জুই জ্বলোৱাত বিষাক্ত গেছ নিৰ্গত হৈ দুয়ো ভাই ককাইৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে। অৱশ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে আচল ৰহস্য জানিব পৰা যাব বুলি ধাৰণা কৰা হৈছে। দেওবাৰে দিনৰ ভাগতহে মৃতদেহ দুটা  ধুবুৰীৰ মটেৰঝাৰত থকা নিজা বাসভৱনত অনা হ'ব।

ধুবুৰী