বিলাসীপাৰাত  ৬৬তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ শুভাৰম্ভ...

১৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাধুমধামেৰে ধুবুৰীৰ বিলাসীপাৰাত  পৰম্পৰাগত ভাৱে  ৬৬ তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ কালি শুভাৰম্ভ হয়। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি যোৱা কালি পুজা,ভাগবৎ

author-image
Asomiya Pratidin
New Update
ujjjddd

ডিজিটেল সংবাদ,  ধুবুৰীঃ   ১৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাধুমধামেৰে ধুবুৰীৰ বিলাসীপাৰাত  পৰম্পৰাগত ভাৱে  ৬৬ তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ কালি শুভাৰম্ভ হয়। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি যোৱা কালি পুজা,ভাগবৎ পাঠ,কীৰ্তন,ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, তোপধ্বনী, আলোচনা চক্ৰ আদি কাৰ্যসুচী পালন কৰা হয়। মেলা আৰু বিভিন্ন অনুষ্ঠান যেনে মেলাৰ মূল দ্বাৰ , প্ৰদৰ্শনীৰ তোৰণ ,ৰাসচক্ৰ,আমোদ উদ্যান,মঞ্চ আদি উদ্বোধন কাৰ্যসুচী পালন কৰা হয়।অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে মেলাখনৰ মূল দ্বাৰ আৰু  সমজিলা খনৰ আয়ুক্ত ড° প্ৰীতিলেখা ডেকা প্ৰৰ্দশনীৰ তোৰণ উদ্বোধন কৰে।

শ্ৰীকৃষ্ণৰ দ্বাৰ(কংসৰ কাৰাগাৰ)ৰ শুভ উদ্বোধন কৰে সমজিলা আৰক্ষী অধীক্ষক অম্বৰীশ শৰ্মা। মেলাস্থলীত হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ  প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ লগতে  প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলী  জ্ঞাপন কৰা হয়।কালিৰে পৰা ১৬ দিনীয়া  শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ভাগৱতৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাই হৈছে এই ৰাসৰ মূল উৎস।জিলাখনৰ একমাত্ৰ বিলাসীপাৰা ৰাসৰ ইতিহাস বহু পুৰণি।এই বেলি ৬৬ বছৰ ভৰি দিয়া  ৰাস উদযাপনক লৈ  সমগ্ৰ বিলাসীপাৰা যথেষ্ট ব্যস্ত হৈ পৰিছে। উল্লেখ্য যে উজনি অসমৰ ৰাসৰ সৈতে সম্পূৰ্ণ বিপৰীত নামনি অসমৰ ৰাস উৎসৱ।ইয়াত মানুহে অভিনয় কৰাৰ বিপৰীতে মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ বিভিন্ন ঘটনাৰাজিক মৃণ্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰা হয়। দধিমথন,কালীয় দমন, পুতুনা বধ,, কংসবধ, বৃন্দাবনৰ ৰাসলীলা আদিক নামনি অসমৰ ৰাস উদযাপনস্থলীত মৃণ্ময় মূৰ্তিৰে জীৱন্ত কৰি তোলা হয়।

ঐতিহ্যমণ্ডিত বিলাসীপাৰা ৰাস উৎসৱে জিলাখনৰ ভিতৰত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে।  ৰাসত মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাৰাজিক তুলি ধৰাৰ সমান্তৰালকৈ বিভিন্ন আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। বিলাসীপাৰা ৰাস মহোৎসৱত মনোৰঞ্জন মেলা, বাণিজ্যিক মেলাৰ লগতে এই ৰাস অন্যতম আকৰ্ষণ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰসমূহ।চহৰখনৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ একাডেমি ক্ৰীড়া ক্ষেত্ৰ আৰু ৰাজহুৱা খেল পথাৰত আজিৰে পৰা অনুষ্ঠিত ১৬ দিনীয়া ৰাস মহোৎসৱ প্ৰদৰ্শিত মৃণ্ময় মূৰ্তিবোৰক উপভোগ কৰিবলৈ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শকৰ আগমণ ঘটি আছে।দৰ্শকৰ আগমনৰ লগে লগে ৰাস উদযাপন কৰা ৰাস কমিটীৰ অৰ্থ উপাৰ্জন কৰাই নহয় বিলাসীপাৰা চহৰখনও অৰ্থনৈতিকভাৱে কিছু টনকিয়াল হয়। স্থানীয় লোকসকলে ৰাসৰ দিনকেইটাত অহা হাজাৰ হাজাৰ পৰ্যটকৰ পৰা বিভিন্ন মাধ্যমেৰে কিছু উপাৰ্জন কৰিবলৈ সক্ষম হ'ব।

কালিৰে পৰা  শুভাৰম্ভ হোৱা ৰাস মহোৎসৱখন ৰাস পূজা,ভাগৱত পাঠ আৰু ৰাসকীৰ্ত্তন আদি কাৰ্যসূচী পালন কৰা হয়।বনমালী দাসে ভাগৱত পাঠ কৰাৰ লগতে ৰঘুনাথ পোদ্দাৰে ৰাস কীৰ্তন পযিবেশন কৰে।যোৱা ৫ নৱেম্বৰত সন্ধিয়া  নাম কীৰ্ত্তন  আৰু প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী আদি কাৰ্যসূচী পালন কৰা হয়।কালি বিভিন্ন অনুষ্ঠানৰ লগতে মেলাৰ মূল  দ্বাৰ উদ্বোধন কৰি ১৬ দিনীয়া ৰাস মহোৎসৱৰ পাতনি মেলা হৈছে।অহা ২২ নৱেম্বৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত শৰতৰ এটি সন্ধিয়া  হাজৰিকা আৰু পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত স্থানীয় শিল্পীৰ সমন্বয়ত  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।কাৰ্যসূচীৰ লগত সংগতি ৰাখি নৱেম্বৰত সংগীত প্ৰতিযোগীতা , নাট প্ৰৰ্দশন, জাতীয় সাজ-পাৰৰ সৌন্দৰ্য প্ৰতিযোগীতা, কৃষ্ণ সজা প্ৰতিযোগীতা,নৃত্য প্ৰতিযোগীতা, পুৱা চিত্ৰাংকণ প্ৰতিযোগীতা অনুষ্ঠিত হ'ব।আন বহুত কাৰ্যসুচীৰ লগতে ভাওনা পৰিবেশন কৰাৰ লগতে বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হ'ব।

কালি উদ্বোধনীৰ দিনাৰে পৰা ৰাস মহোৎসৱথলীত  অগণন লোকৰ সমাগম ঘটি আছে। ৰাসচক্ৰকে ধৰি মূল তোৰণৰ সৌন্দৰ্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।সুশীল দাসৰ তত্বাবধানত নিৰ্মাণ কৰা মূল মণ্ডপো আকৰ্ষণীয় ৰূপত জিলিকি উঠিছে।ৰাসস্থলীত অষ্ট শখীকে ধৰি শ্ৰীকৃষ্ণৰ লীলাৰ লগতে আন আন বিভিন্ন বিষয়ৰ পঁচিশটাকৈ মৃন্ময় মূৰ্তি প্ৰৰ্দশনী ষ্টল দিয়া হৈছে।এই ষ্টলসমূহৰ ভীতৰত শ্ৰীকৃষ্ণৰ জন্ম,মৎস্য অৱতাৰ,কুৰ্ম অৱতাৰ, পুতনা বধ,কংস বধ,গকুলে গমন,কালীয়া দমন,চক্ৰাসুৰ বধ,বকাসুৰ বধ আদি মৃন্ময় মূৰ্তিকে ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গ্ৰন্থ বিপণন আৰু হস্ত শিল্পী বিক্ৰী কেন্দ্ৰ আদি ষ্টলে ৰাইজৰ মন জয় কৰাৰ লগতে আকৰ্ষণৰ কেন্দ্ৰবিন্দুু হৈ পৰিছে।এই আনন্দমেলাতো দেখা গৈছে অগণন লোকৰ ভিৰ।চাৰ্কাছ,মৌত কা কুঁৱা, কৈই ধৰণৰ সৰু-ডাঙৰ নাগৰদোলা,মীনা বজাৰ,যাদু প্ৰদৰ্শনকে ধৰি বিভিন্ন খাদ্য আৰু মিঠাইৰ দোকান,বিপণীয়ে ৰাইজক আকৰ্ষণ কৰিছে।ৰাস মহোৎসৱ কাৰ্যসুচীত যাতে কোনে বিশৃংখল  পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিলাসীপাৰা থানাৰ ভাৰ প্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে। এই বেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে।

শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা কেন্দ্ৰ কৰি অগণণ লোকৰ আগমনত বিলাসীপাৰা ৰাস মহোৎসৱ দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিলক্ষিত হৈছে। উল্লেখ্য যে জিলাখনৰ বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী খেল পথাৰত অনুষ্ঠিত  বিলাসীপাৰা ৰাস মহোৎসৱখন যোৱা সাত দশক ধৰি জাতি,বৰ্ণ,ধৰ্ম,নিৰ্বিশেষে এক জাতি এক প্ৰাণ হিচাপে পৰিগণিত হৈ আহিছে। আনহাতে ৰাসমহোৎসৱক কেন্দ্ৰ কৰি বিলাসীপাৰাত  চৌদিশে এতিয়া মুখৰিত কৃষ্ণ বন্দনাত।কৃষ্ণ ভক্তিত বিশ্বাসী ভক্তপ্ৰাণ ৰাইজৰ ভক্তি বিগলিত হৃদয়ৰ আৰ্তি আৰু অগণিত উৎসৱপ্ৰেমীৰ উচাহেৰে উথলি উঠিছে চহৰখনৰ একমাত্ৰ ৰাসস্থলী।ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলাৰ অপূৰ্ব বৰ্ণনাৰে সমৃদ্ধ কীৰ্ত্তনৰ সুমধুৰ ধ্বনি, ৰাসলীলাৰ অভিনয় আৰু শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিতহৈ ৰাস স্থলীখন।ৰাজ্যখনৰ আন প্ৰান্তৰ দৰে বিলাসীপাৰাত  ধুমধামেৰে চলিছে শ্ৰীকৃষ্ণৰ ৰাস উদযাপনৰ ব্যাপক কাৰ্য্যসূচী।

উল্লেখ্য যে  বিলাসীপাৰাৰ একমাত্ৰ ৰাসৰ মঞ্চত যোৱা  অৰ্থাৎ কালি ৬ নৱেম্বৰত উদ্বোধনী অনুষ্ঠানত ৰাধাৰ ভাৱত অবতীৰ্ণ হোৱা এইগৰাকী নৃত্য শিল্পীৰ মণপৰশা নৃত্যই মুগ্ধ কৰিছে দৰ্শক ৰাইজক।নাম তেওঁৰ সুচেতা চেটাৰ্জী চক্ৰবৰ্তী। সুচেতা চেটাৰ্জী চক্ৰবৰ্তীয়ে  কলিকতাত জিটিভি  খ্যাত "ড্যান্স বাংলা ড্যান্স", কালাৰ্চ টিভিয়ে আয়োজিত "হুনাৰবাজ দেশ কি শান" আৰু জি টিভিয়ে আয়োজিত "ডিড মম্‌চ" নামৰ নৃত্য প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি প্ৰশংসা  বুটলিৰ পিছত বিলাসীপাৰাৰ বোৱাৰী হিচাপে উভতি আহি "কালাংগন ড্যান্স স্টুডিও"নামেৰে এখন নৃত্য কলা প্ৰশিক্ষণ কেন্দ্ৰ মুকুলি কৰি চহৰ খনৰ নৃত্য শিল্প কলাক  এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে স্থানীয় কন কন লৰা ছোৱালী সকলক  অত্যাধুনিক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সক্ষম হৈছে।

জিও গ্ৰাহক সেৱা বিভাগৰ ৰাজ্যখনৰ মুখ্য বিষয়া হিচাপে কৰ্মৰত বিলাসীপাৰাৰ নিৱাসী ঋত্বিক চক্ৰবৰ্তীৰ পত্নী সুচেতা মুখ্যাৰ্জী চক্ৰবৰ্তীৰ আকৰ্ষণীয় আৰু মনপৰশা নৃত্যই মন্ত্ৰমুগ্ধ কৰিছে প্ৰতিগৰাকী দৰ্শকক।উল্লেখযোগ্য যে ৰাস লীলাৰ বিশেষ বিশেষ চৰিত্ৰত অভিনয়ৰ বাবে ধনৰ টোপোলা দি তাৰকা শিল্পীক আমন্ত্ৰণ কৰি অনাৰ এক পৰম্পৰা অসমৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে।কিন্তু গ্লেমাৰৰ পিছত দৌৰ নামাৰি স্থানীয় শিল্পী আৰু যুৱক-যুৱতী সকলক বিশেষ ভাবে অগ্ৰাধিকাৰ  দি  বিলাসীপাৰা ৰাস উদযাপনৰ এক সুকীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে বিলাসীপাৰা ৰাস উদযাপন সমিতিয়ে আজিৰ সমাজৰ বাবে এক আদৰ্শ বুলি সচেতন ৰাইজৰ মাজত বিবেচিত হৈছে।য'ত সুচেতা চেটাৰ্জী চক্ৰবৰ্তীৰ দৰে এগৰাকী বোৱাৰীয়ে নিজৰ প্ৰতিভা ফুটাই তুলি নিজকে  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ চিনাকি দিবলৈ সক্ষম হোৱাৰ লগতে  যোৱা এক দশক ধৰি নিজা চহৰখনৰ অসংখ্য কন কন লৰা ছোৱালীক নৃত্য শিল্পী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই উদ্বোধনী অনুষ্ঠানত জিলাখনৰ  বহুত বিশিষ্ট ব্যক্তিয়ে  উপস্থিত থাকে।

ধুবুৰী