/asomiyapratidin/media/media_files/2026/02/08/dhubriii-2026-02-08-16-24-35.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ বৌ বজাৰ এলেকাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ চৌহদত দেওবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালনেৰে ৰে'ল উন্নয়ন আৰু যাত্ৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।
তিনিচুকীয়া ধুবুৰী বন্ধ হৈ থকা ৰে’ল অনতি পলমে মুকলি কৰা , ধুবুৰী ৰেলৱে চিকিৎসালয়ৰ কাম শীঘ্ৰে আৰম্ভ কৰা, ধুবুৰী সেনপাৰাত ৰে’লৱে উৰাণীয়া সেতুৰ কাম শীঘ্রে আৰম্ভ কৰা, গৌৰীপুৰৰ শ্ৰীকৃষ্ণ গোশালা লৈ অহা-যোৱাৰ বাবে ৰাস্তা আৰু নৰ্দমাৰ কাম অনতি পলমে আৰম্ভ কৰা দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
ইয়াৰ উপৰি ৰাতিপুৱাৰ ভাগত গুৱাহাটী-ধুবুৰী ইন্টাৰ চিটি এক্সপ্ৰেছ সেৱা অনতি পলমে আৰম্ভ কৰা, ধুবুৰীৰ পৰা অমৃতসৰ-পাটনা-দিল্লীলৈ ৰেল সেৱা অতি সোনকালে আৰম্ভ কৰা,তৎকাল টিকটৰ ক্ষেত্ৰত আৰপিএফৰ দূৰ্নীতি বন্ধ কৰা, ধুবুৰীৰ পৰা শিলঘাট লৈকে সপ্তাহৰ তিনিদিনে চলি থকা ৰাজ্যৰাণী এক্সপ্ৰেছখন সপ্তাহৰ প্ৰতিদিনে চলোৱাৰ ব্যৱস্থা কৰা, ধুবুৰী ৰেলৱে ষ্টেচনৰ চাৰিসীমাৰ নিৰ্মাণৰ কাম অনতি পলমে আৰম্ভ কৰা, ধুবুৰীৰ শান্তিনগৰ আৰু আই.জি. ৰোডৰ সংযোগ পথটোৰ সোনকালে কাম আৰম্ভ কৰা আৰু ধুবুৰীৰ ঝগৰাৰপাৰাত ৰেল ক্ৰচিং গে'টৰ অনতি পলমে স্থাপন কৰাকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি ধুবুৰী জিলা ৰে'ল উন্নয়ন আৰু যাত্ৰী সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us