/asomiyapratidin/media/media_files/2025/12/27/1-2025-12-27-14-37-31.jpg)
ডিজিটেল ডেস্কঃ ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে ২০২৬ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে । ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সংবাদমেল যোগে আয়ুক্তগৰাকীয়ে জনায় যে- যোৱা ২২ নৱেম্বৰত পৰা বিএলঅ' সকলে ঘৰে ঘৰে জৰীপ কৰাৰ পাছত আজি খচৰা প্ৰকাশ কৰা হয় ।
/asomiyapratidin/media/post_attachments/24c5b7c7-135.png)
উল্লেখ্য যে, ইয়াৰ পাছত অহা ২২ জানুৱাৰী ২০২৬ লৈকে খচৰা ভোটাৰ তালিকাৰ দাবী আপত্তি সমূহ কৰাৰ সময়সীমা থাকিব। ইপিনে ২২ জানুৱাৰীৰ ভিতৰত বিভিন্ন ধৰণৰ গ্ৰামসভা প্ৰশাসনৰ ফালৰ পৰা অনুষ্ঠিত কৰা হ'ব। আনপিনে ১০ ফেব্ৰুৱাৰী ২০২৬ ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব।
/asomiyapratidin/media/post_attachments/da89a439-3d6.png)
জিলা আয়ুক্তই দিয়া তথ্য মতে এইবেলি ধুবুৰী জিলাত সৰ্বমুথ পোলিং ষ্টেচন হৈছে ১৫৪৮ টা । সৰ্বমুঠ ভোটাৰৰ সংখ্যা ১২,১১,৪৬৮ জন ।এই সংবাদমেলত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগতে প্ৰশাসনৰ বিভিন্ন বিষয়া উপস্থিত থাকে বুলি জানিব দিয়ে।
/asomiyapratidin/media/post_attachments/c96ac572-709.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us