ধুবুৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ...

সদৌ জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰ সন্থাৰ আহ্বান মৰ্মে ধুবুৰী জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰ সন্থাৰ সভাপতি অসীম কুমাৰ বক্মি আৰু সম্পাদক সেখ ৰিয়াজ

author-image
Asomiya Pratidin
New Update
jjjss

ডিজিটেল সংবাদ, ধুবুৰীঃ সদৌ জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰ সন্থাৰ আহ্বান মৰ্মে ধুবুৰী জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰ সন্থাৰ সভাপতি অসীম কুমাৰ বক্মি আৰু সম্পাদক সেখ ৰিয়াজ উদ্দিনৰ নেতৃত্বত আজি ধুবুৰীস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

ধুবুৰী জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰ সন্থাৰ বিষয়-ববীয়া সকলে আজি দিনৰ ১১ বজাৰ পৰা ১ বজা লৈকে উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি জল জীৱন মিছন আঁচনিৰ বিলৰ ধন আদায় দিয়া, নতুন নতুন এছঅ'পি দিয়া বন্ধ কৰা, তৃতীয় শক্তিৰ দাদাগিৰি বন্ধ কৰা, জল জীৱন মিছন আঁচনিৰ আধৰুৱা হৈ থকা কামবোৰ কৰিবলৈ দিব লাগে নহ'লে যি অনুপাতে কাম হৈছে সেই অনুপাতে কাম কৰাৰ ধন মোকলাই দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

ইয়াৰ পিচত ধুবুৰী জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ ঠিকাদাৰ সন্থাৰ ফালৰ পৰা ধুবুৰীস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে। স্মাৰক পত্ৰ খনত উল্লেখ কৰা অনুসৰি  বিভাগীয় ঠিকাদাৰ সকলে জল জীবন মিছন আচনিৰ কাম সমূহ নিয়ম নীতিৰ মাজেৰে ৰূপায়ণ কৰি আহিছে।  

ধুবুৰী জিলাত জল জীৱন মিছনৰ অধীনত কাম কৰি ঠিকাদাৰ সকলে নিজৰ গাঠিঁৰ ধনেৰে জল জীবন মিছনৰ কাম সমূহ ৰূপায়ণ কৰাৰ পিচত আজি বহুদিন ধৰি তেওঁলোকৰ পাবলগীয়া বিলৰ ধন অনাদায় হৈ আছে। এই ক্ষেত্ৰত সংশ্লিষ্ট ঠিকাদাৰ সকলৰ বিলৰ ধন অতি শীঘ্ৰে আদায় দিয়াৰ বাবে স্মাৰক পত্ৰ যোগে দাবী জনায়। তদুপৰি জল জীৱন মিছনৰ অধীনত আধৰুৱা হৈ থকা কাম বোৰক লৈও ঠিকাদাৰ সকলে  বৰকৈ অসুবিধাত পৰা বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰে।

ধুবুৰী