/asomiyapratidin/media/media_files/2025/11/27/ap-web-bahi-2025-11-27-13-23-22.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ বাঁহী অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য আৰু থলুৱা বাদ্যযন্ত্ৰ। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, বাঁশী আদি বহু নামেৰে জনা যায়। এই বাঁহী প্ৰস্তুত কৰি উপাৰ্জনৰ পথ মোকোলাইছে এজন লোকে। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহু উৎসৱত বাঁহী এক উল্লেখযোগ্য বাদ্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/image-35-2025-11-27-13-23-41.png)
প্ৰাণিধানযোগ্য যে ধুবুৰীৰ গৌৰীপুৰৰ বক্তাৰ আলী নামৰ এগৰাকী লোকে গোটেই জীৱন বাঁহী বজোৱাৰ লগতে বাঁহী বনাই বিক্ৰী কৰি নিজৰ কৰ্ম সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে লোকজনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-13-24-00.jpeg)
উল্লেখ্য় যে ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগৰ বক্তাৰ আলী নামৰ গৰাকী লোকে প্ৰায় ২৫ বছৰ ধৰি বাঁহী বজোৱা আৰু বাঁহী বনোৱাৰ কামত জড়িত হৈ আছে। বাঁহী বনোৱাৰ বাবে প্ৰয়োজনীয় এক প্ৰকাৰ 'মূৰলী' বাঁহ ক্ৰয় কৰি অনাৰ বাবে বক্তাৰ আলীয়ে মেঘালয়ৰ ফুলবাৰীৰ পৰা এই মূৰলী বাঁহ ক্ৰয় কৰি আনে। বাঁহী বাদক বক্তাৰ আলী য়ে জনোৱা মতে তেওঁ মেঘালয়ৰ ফুলবাৰী লৈ প্ৰতি মাহত এবাৰ বা দুবাৰ যাব লগা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-13-24-21.jpeg)
তাৰোপৰি, প্ৰায় ১০ হেজাৰ টকাৰ মূৰলী বাঁহ ক্ৰয় কৰি আনিলে বক্তাৰ আলীয়ে সেই বাঁহেৰে বাঁহী বনাই প্ৰায় ১৭-১৮ হেজাৰ টকাৰ বাঁহী বিক্ৰী কৰে। বাঁহী বজাই এক অফুৰন্ত তৃপ্তি লাভ কৰা বক্তাৰ আলীয়ে সুদীৰ্ঘ প্ৰায় ২৫ বছৰ ধৰি এনেদৰে অশেষ কষ্ট কৰি বাঁহী বনোৱাৰ কামত নিয়োজিত হৈ নিজৰ ঘৰ-সংসাৰ খন চলাই আহিছে। তেওঁৰ এই কামক সকলোৱে উৎসাহ জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us