ধুবুৰীত কংগ্ৰেছৰ টিকট কেন্দ্ৰিক তৎপৰতা

সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে। লগতে নিৰ্বাচনী যুঁজৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল। 

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে। লগতে নিৰ্বাচনী যুঁজৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল। 

উল্লেখ্য যে, ধুবুৰীত উপস্থিত কংগ্ৰেছৰ পৰ্যবেক্ষক তথা উৰিষ্যাৰ সাংসদ সপ্ত গিৰী শংকৰ উল্কা। একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশিৰ মটৰ চাইকেল ৰেলীৰে শক্তি প্ৰদৰ্শন।২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ মাজত মাথো কিছুদিন বাকী থকাৰ সময়তে প্রতিটো ৰাজনৈতিক দলে টিকট কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে।

ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছৰে পৰা ধুবুৰীতো আৰম্ভ হৈছে টিকট কেন্দ্ৰিক ৰাজনীতি। স্ক্ৰিনিং কমিটিৰ পৰ্যবেক্ষক তথা উৰিষ্যাৰ সাংসদ সপ্ত গিৰী শংকৰ উল্কা উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশি সকলে নিজৰ নিজৰ সমৰ্থক সকলক লৈ হোটেল অথিতিত ভিৰ কৰাৰ উপৰিও মটৰ চাইকেল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে।

ধুবুৰী