/asomiyapratidin/media/media_files/2026/03/03/3-2026-03-03-13-09-58.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ আজি ৰঙৰ উৎসৱ ফাকুৱা । ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত মতলীয়া সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী। বিভিন্ন আবিৰৰ ৰঙে ৰঙীন হৈ পৰে ধুবুৰী জিলাও।
/asomiyapratidin/media/post_attachments/eedcda97-2fa.png)
ধুবুৰীত হোলী উপলক্ষে এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। "নৃত্যাঙ্গন" গোটৰ উদ্যোগত ধুবুৰী ৰাজীৱ গান্ধী শিশু উদ্যানত বসন্ত উৎসৱৰ আয়োজন কৰে। আজি পুৱাই ধুবুৰীৰ কালীবাড়ী মন্দিৰৰ পৰা শোভাযাত্ৰা উলিয়াই ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানলৈ আবিৰৰ ৰঙেৰে সমাজৰ অসূয়া অপ্ৰীতি দূৰ কৰিবৰ বাবে এক মনোমোহা শোভা যাত্ৰা উলিয়ায়।
/asomiyapratidin/media/post_attachments/190c7006-05b.png)
ইয়াৰ পাছতে ধুবুৰীৰ বিভিন্ন বাট-পথত সৰু সৰু ল'ৰা-ছোৱালী, ৰাইজে শোভাযাত্ৰা উলিয়াই বসন্ত উৎসৱ পালন কৰে। বসন্ত উৎসৱৰ দিনা নৃত্যাংগনৰ ফালৰ পৰা নাম-কীৰ্তন, ৰাজস্থানী নৃত্যৰো আয়োজন কৰে। উক্ত বসন্ত উৎসৱত ধুবুৰী চহৰৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজে অংশ গ্ৰহণ কৰি মানুহৰ মনৰ বেয়া ভাব সমূহ দূৰ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ অৰ্থে সকলোৱে আগৱাঢ়ি অহাৰ বাবে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/0599f8aa-64d.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us