ধুবুৰীৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰীৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংঘটিত প্ৰচণ্ড মাৰপিটৰ ঘটনা। দুটা ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত উক্ত কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ  ধুবুৰীৰ বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংঘটিত প্ৰচণ্ড মাৰপিটৰ ঘটনা। দুটা ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত উক্ত কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পঞ্চায়তত সভানেত্ৰীৰ বাহিৰে সভানেত্ৰীৰ পুত্ৰ ৰফিকুল ইছলামে সকলো কাম-কাজ কৰে। তাৰ পাছে  এই ঘটনা সন্দৰ্ভত অভিযোগ উত্থাপন কৰাত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। 

পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় বিশাল আৰক্ষীৰ দল ৷ আৰক্ষীৰ দলটো উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুয়োপক্ষৰে তিনিজন লোকক আটক কৰে। 

দৰাচলতে, ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মহৰিৰ চৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰহিমা খাতুনৰ স্বামী শিক্ষক কদম আলীৰ আৰু লৰা ৰফিকুল ইছলামে মহৰিৰ গাওঁ পঞ্চায়তৰ লগতে বিৰসিং জৰুৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সকলো চৰকাৰী কাম-কাজত হস্তক্ষেপ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় এই ঘটনা। গাওঁ পঞ্চায়তটোৰ বাসিন্দা আবু সামাদ শেখে কৰা অভিযোগ অনুসৰি বিষয়টো সন্দৰ্ভত আনকি বীৰসিং জৰুৱাৰ খণ্ড উন্নয়ন বিষয়াক কেইবাবাৰো অভিযোগ কৰিও পোৱা নাই সুফল। এই সকলোবোৰ কথা একাংশক অৱগত কৰাক কেন্দ্ৰ কৰি মাৰপিৰ ঘটনা সংঘটিত হয়। পৰৱৰ্তি সময়ত আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। 

ধুবুৰী