/asomiyapratidin/media/media_files/2026/02/23/5-2026-02-23-12-51-48.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। কোনো বিদ্যালয়,ধৰ্মীয় উপাসনাস্থলী নহয় এইবাৰ ধুবুৰীৰ ৫ নং ৱাৰ্ডত থকা শতবৰ্ষ পুৰণি কাঁহ-পিতলৰ দোকানত চোৰে চলালে চাফাই অভিযান। লক্ষাধিক টকাৰ কাঁহ-পিতলৰ বাচন দোকানখনৰ পৰা চোৰে চুৰি কৰি নিয়ে।
/asomiyapratidin/media/post_attachments/95c26866-304.png)
উল্লেখ্য যে, চহৰখনৰ শতবৰ্ষ পুৰণি কাঁহ-পিতলৰ দোকানখনৰ গৰাকী বৃন্দাবন চন্দ্ৰ পালে ক্ষোভ প্ৰকাশ কৰিছে। ইপিনে অতি ব্যস্ততাপূৰ্ণ এই বজাৰখনত নাছিল নৈশ চকীদাৰৰ পহৰাৰ ব্যৱস্থা। স্থানীয় ৰাইজৰ অভিযোগ যে- ধুবুৰী আৰক্ষীয়ে চহৰখনত নিশা নিদিয়ে টহল। কিয় বাৰে বাৰে ইমানবোৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো একো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰসাশনে।
/asomiyapratidin/media/post_attachments/1cd5a03f-f54.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us