ধুবুৰীত ইলেকট্রনিক ভোটিং মেচিনৰ সজাগতা অভিযান আৰম্ভ

সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ এক সজাগতা অভিযান আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ এক সজাগতা অভিযান আৰম্ভ হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ নিৰ্দেশ অনুসৰি ধুবুৰী জিলা প্ৰশাসনে এই অভিযান আৰম্ভ কৰিছে। ইয়াৰবাবে ধুবুৰী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ চৌহদত স্থাপনত কৰা প্রদর্শনীমূলক ভোটগ্রহণ কেন্দ্ৰটো উক্ত দিনা অতিৰিক্ত জিলা আয়ুক্ত দেৱজ্যোতি গগৈয়ে উদ্বোধন কৰে। 

আনহাতে ধুবুৰী জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সু-সজ্জিত বাহনেৰে ই ভি এম আৰু ভিভিপেট ৰ ওপৰত জিলাখন বিভিন্ন বজাৰ, জনসমাগম হোৱা স্থান আদিত এই বাহনখন উপস্থিত হ'ব আৰু ৰাইজৰ আগত সজাগতা মূলক প্ৰচাৰ চলোৱা হ'ব। ইপিনে ধুবুৰীৰ অতিৰিক্ত জিলা আয়ুক্ত দেৱজ্যোতি গগৈয়ে সেউজীয়া পতাকা জোকাৰি জিলাখনৰ  পাঁচটা বিধানসভা সমষ্টিতে কৰিব লগা সজাগতা মূলক প্ৰচাৰ অভিযানৰ শুভ উদ্বোধন কৰে।

ধুবুৰী