ধুবুৰীস্থিত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত কৰ্মশালাৰ আয়োজন

ধুবুৰীৰ প্ৰায় ৬০ গৰাকীৰো অধিক নিৱনুৱা মহিলাক সাজ-পোছাক, গহণা প্ৰস্তুতকৰণ আৰু চিলাই প্ৰশিক্ষণৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
72

ডিজিটেল সংবাদ,ধুবুৰীঃ  ধুবুৰীস্থিত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদত সাজ পোছাকৰ গহণা প্ৰস্তুত কৰণৰ ১৪ দিনীয়া আৰু চিলাই প্ৰশিক্ষণৰ ৩১ দিনীয়া প্ৰশিক্ষণৰ আৰম্ভণি হোৱা বুলি জানিব পৰা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্ব-নিৰ্ভৰ ভাৰত আৰু শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই ধুবুৰীস্থ ইউকো বেংক গ্ৰামীণ স্ব-নিয়ো জন প্ৰশিক্ষণ প্ৰতিষ্ঠান টোৱে ধুবুৰীৰ প্ৰায় ৬০ গৰাকীৰো অধিক নিৱনুৱা মহিলাক বাছনি কৰি সাজ-পোছাক, গহণা প্ৰস্তুতকৰণ আৰু চিলাই প্ৰশিক্ষণৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

উল্লেখ্য যে, ধুবুৰীস্থিত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ছানদ্বীপ বড়োৱে কয় যে, যোৱা ১২ নৱেম্বৰৰ পৰা চিলাই প্ৰশিক্ষণ আৰু ২৫ নৱেম্বৰৰ পৰা সাজ পোছাকৰ গহণা প্ৰস্তুতকৰণৰ ওপৰত কৰ্মশালা আৰম্ভ হৈছে।

চিলাই প্ৰশিক্ষণত দক্ষ প্ৰশিক্ষক হিচাপে ববিতা কোঁৱৰ কাকতি আৰু সাজ পোছাকৰ গহণা প্ৰস্তুতকৰণৰ ওপৰত সোমা দেৱনাথে দক্ষ প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দিয়ে। দুয়োটা প্ৰশিক্ষণতে ধুবুৰীস্থিত ইউকো বেংক গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ছানদ্বীপ বড়ো, ফেকাল্টী দেৱদত্ত চাকীৰ লগতে বিভিন্ন জনে সহযোগিতা আগৱঢ়ায়। 

ধুবুৰী