/asomiyapratidin/media/media_files/2025/11/21/3-2025-11-21-16-31-45.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত শিখ মন্দিৰত অহা ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰ লৈকে ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিখ ধৰ্মাৱলম্বী লোক সকলৰ নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ তম শ্বহীদ দিৱস পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি হাতত লোৱা হৈছে বুলি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি চৰ্দাৰ দলজিৎ সিং শেঠীয়ে জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-2025-11-21-16-27-22.jpeg)
উল্লেখ্য যে অহা ২৩ নৱেম্বৰৰ পুৱা ৪ বজাৰ পৰা ৫ বজালৈকে প্ৰভাত ফেৰীৰ অনুষ্ঠানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব। পুনৰ পুৱা ৮ বজাত সুখমণি চাহিব পাঠ, পুৱা ১০ বজা লৈকে অখণ্ড পাঠ চাহিব চলিব বুলি জানিব দিয়ে। দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈকে নগৰ কীৰ্তন অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ দ্বিতীয় দিনা পুৱা ৩.৩০ বজাৰ পৰা ৮ বজালৈকে সুখুমণি পাঠ চাহিব আৰু কীৰ্তন শ্ৰী আশা দ্বি বাৰ আৰম্ভ হোৱাৰ লগতে পুৱা ৮ বজাৰ পৰা ১২ বজালৈকে কীৰ্তন দৰবাৰ অনুষ্ঠিত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-16-27-42.jpeg)
তাৰোপৰি অনুষ্ঠানৰ শেষৰ দিনা ২৫ নৱেম্বৰৰ পুৱা ৩ বাজি ৩০ মিনিটৰ পৰা ১০ বজালৈকে সুখমণি চাহিব পাঠ আৰু কীৰ্তন শ্ৰী আশা দ্বি বাৰ আৰু কীৰ্তন দৰবাৰ অনুষ্ঠিত হ'ব। দিনৰ ১০ বজাত ভোগ শ্ৰী অখণ্ড পাঠ চাহিব অনুষ্ঠিত হোৱাৰ লগতে অন্যান্য বিভিন্ন কাৰ্যসূচীৰে সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/image-2-2025-11-21-16-28-34.png)
ইপিনে নৱম গুৰু শ্ৰী গুৰু তেগ বাহাদুৰ চাহিবজীৰ ৩৫০ তম শ্বহীদ দিৱস উপলক্ষে ডিব্ৰুগড়-ধুবুৰী, ৰায়পুৰ-ধুবুৰী আৰু কলকাতা-ধুবুৰীৰ মাজত তিনিখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি চৰ্দাৰ দলজিৎ সিং শেঠীয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us