/asomiyapratidin/media/media_files/2025/10/09/ssss-2025-10-09-23-57-02.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ লাট মণ্ডলে দালালৰ সৈতে মিলি চৰম দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ ঘটনাই সৰ্বসাধাৰণ ৰাইজক স্তম্ভিত কৰি তোলা দেখা গৈছে।বৰ্তমানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা হৈছে ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত একাংশ লাট মণ্ডলে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই কাৰ্যালয় টোত একাংশ লাট মণ্ডলে পাহাৰ সম দুৰ্নীতিৰে চলাই গৈছে কামকাজ।
শেহতীয়াকৈ ভুৱা দলিল ব্যৱহাৰ কৰি এগৰাকী লাট মণ্ডল আৰু চক্ৰ বিষয়াৰ ভয়ংকৰ কাণ্ডই ধুবুৰীত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল তাপস কুমাৰ বিশ্বাসে দুই নম্বৰী কায়দাৰে ধন সংগ্ৰহ কৰি ব্যাপক জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উল্থাপিত হৈছে। অভিযোগ মতে এই গৰাকী লাট মণ্ডলৰ দুই নম্বৰী কাৰবাৰৰ সহ যোগী আছিল এগৰাকী বিতৰ্কিত চক্ৰ বিষয়া পাৰ্থ প্ৰতীম বৰ্মন।
উল্লেখ যোগ্য যে অসমৰ মূখ্যমন্ত্ৰীয়ে ভূমি বেচাকিনা সন্দৰ্ভত বিশেষকৈ হিন্দু ধৰ্মৰ লোকৰ মাটি মুছলমান লোকে ক্ৰয় কৰিলে নাম জাৰি কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অনুমতিৰ প্ৰয়োজন বুলি সদৰি কৰাৰ পিচতে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ইয়াৰ সম্পুৰ্ণ বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তাপস কুমাৰ বিশ্বাস নামৰ লাট মণ্ডল জনক দালালৰ জৰিয়তে টকা দিলেই সকলো অবৈধ নথি বৈধ কৰি পেলোৱাৰো গুৰুতৰ অভিযোগ উল্থাপন কৰিছে একাংশ ভূক্তভোগী ৰাইজে।
তদুপৰি ধুবুৰীৰ এজন আৰটিআইৰ আবেদনকাৰীয়ে ধুবুৰীৰ দেবোত্তৰ হাছদহ চতুৰ্থ খণ্ড গাওঁৰ দাগ নম্বৰ ৪৮ আৰু পট্টা নম্বৰ ২২৪ ৰ মুঠ ১ বিঘা ৩ কঠা ৩ লেচা মাটিৰ সন্দৰ্ভত তথ্য বিচাৰি ধুবুৰীৰ জ্যেষ্ঠ উপ-পন্জীয়কৰ কাৰ্যালয়ত কিছু দিন পূৰ্বে আবেদন কৰাত যোৱা ২৬ ছেপ্টেম্বৰত ধুবুৰীৰ জ্যেষ্ঠ উপ-পন্জীয়কৰ কাৰ্যালয়ৰ পৰা উক্ত আৰ টি আই আবেদন কাৰী জনক যি খিনি তথ্যৰ যোগান ধৰিছিল সেয়াই এতিয়া বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।
উল্লেখ যোগ্য যে উক্ত ভূমিখণ্ড খনৰ আয়তন ০ বিঘা ২ কঠা ১০ লেচা (মুঠ ১ বিঘা ৩ কঠা ৩ লেচাৰ ভিতৰত) আৰু দাগ নম্বৰ ৪৮, পট্টা নম্বৰ ২২৪, গাঁও দেবোত্তৰ হাছদহা চতুৰ্থ খণ্ড, ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বুলি উল্লেখ আছে। ভূমিখণ্ড খন মূলত অনিমা বালা ৰায়, চন্দ্ৰ শঙ্কৰ ৰায় আৰু প্ৰতিৰাজ ৰায়ৰ আছিল। কিন্তু ২০২৫ চনৰ ১৯ জুলাইত সেই ভূমি মহম্মদ এনামুল হক আৰু ছোবাহান আলী ৰ নামত নামজাৰি কৰা হৈছিল।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এনেধৰণৰ ধৰ্মান্তৰীয় ভূমি স্থানান্তৰ সম্পূৰ্ণভাবে নিষিদ্ধ থকা সত্ত্বেও একমাত্ৰ টকাৰ বিনিময়তে এই অনুমোদন দিয়া হৈছিল বুলি অভিযোগ উল্থাপিত হৈছে। আনহাতে এই নামজাৰি প্ৰক্ৰিয়াটো সম্পন্ন কৰিছিল লাট মণ্ডল তাপস কুমাৰ বিশ্বাসে আৰু আদেশটো অনুমোদন কৰিছিল তেতিয়াৰ ধুবুৰীৰ চক্ৰ বিষয়া পাথ প্ৰতিম বর্মনে। তথ্য অনুসৰি, উক্ত মিটিৰ লেনদেনটোৰ দলিল নম্বৰ ১২০৭১/২০২৪ আৰু দলিলৰ মূল্য ৭,৭০,০০০ টকাত আৰু পঞ্জীয়নৰ তাৰিখ বিগত বৰ্ষৰ ২৩ ডিচেম্বৰত কৰা হয় বুলি উল্লেখ আছে।
কিন্তু যেতিয়া এই তথ্যৰ সত্যতা নিৰ্ণয়ৰ বাবে উক্ত আৰটিআই খন দাখিল কৰা হৈছিল তেতিয়া ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ে উক্ত নম্বৰ বা তাৰিখৰ কোনো দলিলৰ ৰেকৰ্ড একেবাৰে নাই বুলি উল্লেখ কৰাৰ বিষয় টোৱে ধুবুৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আশ্চৰ্যকৰ বিষয়টো হৈছে সেই সম্পূৰ্ণ নামজাৰি টো নকল আৰু জাল নথিপত্ৰৰ আধাৰত সম্পন্ন কৰা হৈছে বুলি প্ৰমাণিত হৈছে। লাট মণ্ডল তাপস কুমাৰ বিশ্বাসে জালিয়াতিৰে এক বৃহৎ ধনৰ বিনিময়ত জাল নথি পত্ৰৰ আধাৰত নকল নাম জাৰি কৰা বুলি তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উল্থাপন হৈছে।
এতিয়া প্ৰশ্ন হয় যদি ধুবুৰীৰ জ্যেষ্ঠ উপ-পন্জীয়কৰ কাৰ্যালয়ত উক্ত মাটি ডোখৰৰ দলিলেই নাই তেনেহলে কোনে সেই ভুৱা দলিল প্ৰস্তুত কৰিলে বুলি প্ৰশ্ন উল্থাপিত হৈছে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ অমান্য কৰি ধুবুৰীত লাট মণ্ডল তাপস্ কুমাৰ বিশ্বাসে চলাই আছে চৰম লুটৰাজ। ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল তাপস কুমাৰ বিশ্বাসৰ বিৰুদ্ধে এতিয়া সংশ্লিষ্ট ঊৰ্ধতন কৰ্তৃপক্ষই কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়াই এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে।