ভোলানাথ মহাবিদ্যালয়ত ধুবুৰী জিলা সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিবেশনৰ সফল সামৰণি...

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ  ভাষা -সাহিত্য চ'ৰাৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ আতিথ্যত দুদিনীয়া কাৰ্য সূচীৰে অনুষ্ঠিত হোৱা ধুবুৰী জিলা সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিবেশনখনিৰ আজি সফল সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ  ভাষা -সাহিত্য চ'ৰাৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ আতিথ্যত দুদিনীয়া কাৰ্য সূচীৰে অনুষ্ঠিত হোৱা ধুবুৰী জিলা সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিবেশনখনিৰ আজি সফল সামৰণি পৰে।আজি অধিৱেশনৰ সামৰণি অনুষ্ঠা নত  অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইনে।

স্মৃতি তৰ্পণ কৰে গৌৰীপুৰৰ অৱসৰ প্ৰাপ্ত শিক্ষক ক্ষিতীশ চন্দ্ৰ ৰায়ে, বন্তি প্ৰজ্বলন কৰে অধ্যাপক ড°কৰুণা কান্ত দাসে। পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে,ভাৰত ৰত্ন ড.ভূপেন হাজৰিকা, সংগীত সূৰ্য জুবিন গাৰ্গ, ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গীতালী বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই মহাবিদ্যালয়ৰ অধ্যক্ষ ড°কিশোৰ কুমাৰ শ্বাহ আৰু উপাধ্যক্ষ সাহিদুল ইছলাম চৌধুৰী, পৰীক্ষা নিয়ন্ত্ৰক ড°হিতেন শৰ্মা, আৰৱী বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল্যাহ আৰু আই শাকাতিৰ ৰূপলেখা বৰ্মণে। 

শ্বহীদ তৰ্পণ কৰে আই শাকাতি শাখা সাহিত্য সভাৰ সভাপতি সাধু চৰণ ৰায়ে। ভোলানাথৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সাহিত্য সভাৰ ধুবুৰী জিলাৰ প্ৰতিনিধি আজাদ আলী আহমেদে,স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় সাপটগ্ৰাম শাখা সাহিত্য সভাৰ সভাপতি নিখিল ৰঞ্জন দাস আৰু কাছাৰীহাটৰ জ্যেষ্ঠ কবি সন্তোষ দত্তই। গছপুলি ৰোপণ কৰে অসম কলেজ শিক্ষক সংস্থাৰ বিষয়ববীয়া ড°ৰেজিবুল আলমে। ৰাতিপুৱা ১০ বজাৰ পৰা সাহিত্য পাঠ আৰু স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটো উদ্বোধন কৰে ধুবুৰী চৰকাৰী শিশু পাঠশালা  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱাশীষ সাহাই আৰু সঞ্চালনা কৰে বিশিষ্ট কবি সাহিত্যিক আবুল হাছানে। শতাধিক কবি সাহিত্যিকে অনুষ্ঠান টোত অংশগ্ৰহণ কৰে।

দিনৰ ১০.৩০বজাৰ পৰা জিলা সাহিত্য সভাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত জিলা সাহিত্য সভাখনৰ অন্তৰ্গত শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। এই প্ৰতিনিধি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিনৰ ১২বজাত তত্ত্বাৱধা য়ক অধ্যাপক দেৱশ্ৰী ৰায় আৰু সাহিত্য সম্পাদক ৰুমিমা চুলতানাৰ প্ৰচেষ্টাত প্ৰস্তুত হোৱা ভাষা সাহিত্য চ'ৰা অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা সৃষ্টিৰ জুবিন গাৰ্গ বিশেষ সংখ্যাটো উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডা:বিপিন চন্দ্ৰ কলিতাই। দিনৰ ১বজাৰ পৰা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইনে। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিবেশন কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আব্দুছ ছালামে। সভাখন উদ্বোধন কৰে জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম চৌধুৰীয়ে।

আদৰণী ভাষণ প্ৰদান কৰে ড° অলকা শৰ্মাই।সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ডা:বিপিন চন্দ্ৰ কলিতাই। বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়ায় মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড°ব্ৰজেন্দ্ৰ কান্ত শৰ্মা আৰু ড°দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে। সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক নয়নমণি চৌধুৰী আৰু সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাসে। আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড°সুস্মিতা সেনগুপ্তই।এই সভাখনতে ধুবুৰী জিলা সাহিত্য সভাই প্ৰথম বাৰৰ বাবে ধুবুৰী জিলা সাহিত্য সভাৰ শিক্ষাৰত্ন সন্মান প্ৰদান কৰে ভোলানাথ মহাবিদ্যা লয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হবিবৰ ৰহমানক,সমাজৰত্ন সন্মান কাছাৰীহাটৰ সুভাষ চন্দ্ৰ ৰায়ক কৃষকৰত্ন সন্মান লক্ষীগঞ্জৰ ৰাজেন্দ্ৰ নাথক প্ৰদান কৰে। আজিৰ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ বিষয়ববীয়া বঙাইগাঁৱৰ বিক্ৰম ৰায় মেধি, চিৰাঙৰ সুভাষ মজুমদাৰ, ঢালিগাঁৱৰ অতুল চন্দ্ৰ ৰায় প্ৰমুখ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাহিত্য সেৱক ,কবি -সাহিত্যিকসকলে অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ সকলো কাৰ্যসূচীৰ  সফল ৰূপায়নৰ বাবে ৰাইজৰ লগতে অতিথি বৃন্দলৈ শ'লাগ জ্ঞাপন কৰে সাহিত্য চ'ৰাৰ সভাপতি ড°অলকা শৰ্মা আৰু জিলা সাহিত্য সভাৰ সম্পাদক আব্দুছ ছালামে। জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি পৰে।

ধুবুৰী