ধুবুৰীৰ জ্যেষ্ঠ অগপ নেতা অশোক কুমাৰ ৰায়ে এৰিলে হাতীৰ সংগ...

সমাগত বিধান সভা নিৰ্বাচনক লৈ ধুবুৰী জিলাৰ পাঁচটাকৈ বিধান সভা সমষ্টি ধুবুৰী, গৌৰীপুৰ, গোলকগন্জ, বিলাসীপাৰা আৰু বিৰসিং জৰুৱা এই পাঁচটা বিধানসভা সমষ্টিত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই

author-image
Asomiya Pratidin
New Update
sdsdsdsdsd

ডিজিটেল সংবাদ, ধুবুৰীঃ  সমাগত বিধান সভা নিৰ্বাচনক লৈ ধুবুৰী জিলাৰ পাঁচটাকৈ বিধান সভা সমষ্টি ধুবুৰী, গৌৰীপুৰ, গোলকগন্জ, বিলাসীপাৰা আৰু বিৰসিং জৰুৱা এই পাঁচটা বিধানসভা সমষ্টিত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ গোলকগন্জ বিধান সভা সমষ্টিত আন্চলিক দল অগপই মোক্ষম আঘাত খাব পাৰে বুলি পৰ্যৱেক্ষক মহলে আশংকা ব্যক্ত কৰিছে।

ধুবুৰী জিলাৰ জ্যেষ্ঠ অগপ নেতা তথা অগপৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ সভাপতি অশোক কুমাৰ ৰায় প্ৰধানীয়ে আজি অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে। জ্যেষ্ঠ অগপ নেতা অশোক কুমাৰ ৰায় প্ৰধানীয়ে এই সন্দৰ্ভত আজি অগপ দলৰ সভাপতি অতুল বৰালৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখ যোগ্য যে আগত ২০২৬ ৰ বিধান সভা নিৰ্বাচনত গোলকগঞ্জ সমষ্টিৰ পৰা অগপ দলৰ অন্যতম  প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল অশোক কুমাৰ ৰায় প্ৰধানী।

ভূৰখা মহলৰ পৰা জানিব পৰা মতে এইবেলি অনুষ্ঠিত হ'ব লগা বিধান সভা নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপ মিত্ৰজোঁটে গোলকগঞ্জ বিধান সভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগৱঢ়োৱাটো প্ৰায় নিশ্চিত হোৱা বুলি জানিব পৰা গৈছে। আনহাতে জ্যেষ্ঠ অগপ নেতা অশোক কুমাৰ ৰায় প্ৰধানীয়ে অগপৰ পৰা পদত্যাগ কৰিয়েই অতি শীঘ্ৰেই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনাই প্ৰকট হৈ পৰা বুলি এটি নিৰ্ভৰ যোগ্য সূত্ৰই আজি সদৰী কৰিছে।

অসম