মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত “শাৰদীয় সুবাস”...

অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মিনহাজুল আবেদিনে কবিতা পাঠ কৰে

author-image
Asomiya Pratidin
New Update
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত “শাৰদীয় সুবাস”...

Sankardev university

ডিজিটেল সংবাদ, ধুবুৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী চৌহদৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ'ৰাৰ উদ্যোগত আৰু শিক্ষাতত্ত্ব আৰু ইংৰাজী বিভাগৰ সহযোগত শুকুৰবাৰে 'শাৰদীয় সুবাস' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে।বিশ্ববিদ্যালয়ৰ গতানুগতিক পাঠ্যসূচীৰ ব্যস্ততাৰ পৰা আঁতৰি প্ৰকৃতিৰ বুকুত নিজক সন্ধান কৰা মানসেৰে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই।

Advertisment

অধ্যাপক শিখামণি শৰ্মাৰ শৰৎ সম্পৰ্কীয় অনুভৱেৰে আৰম্ভ হোৱা অনুষ্ঠানত শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক গৌৰৱ প্ৰতীম হাজৰিকাৰ গীতৰ লগতে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ঋতুৰঞ্জন গগৈ, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মিনহাজুল আবেদিনে কবিতা পাঠ কৰে।

তদুপৰি বিশ্ববিদ্যালয়ৰ সহকাৰী জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ শৰ্মাৰ অভিনয় আৰু বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশন কৰা গীত আৰু নৃত্যই অনুষ্ঠানটো জীপাল কৰি তোলে।

শেষত বিশ্ববিদ্যালয়ৰ শৈক্ষিক সহায়ক কৈলাশ প্ৰতীম হাজৰিকাৰ শাৰদীয় অনুভৱ তথা কবিতা পাঠেৰে অনুষ্ঠানৰ সামৰণি মাৰে।

dhuburi sankardev university