ধুবুৰীৰ মাজেৰ চৰত আৰক্ষীৰ অভিযান

ব্ৰহ্মপুত্ৰ নৈৰ কাষৰীয়া মাজেৰ চৰ এলেকাত এটা চক্ৰই বগলীক ধৰি অন্যান্য প্ৰজাতিৰ পক্ষীক নিধন কৰাৰ খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 5.jpg

ডিজিটেল ডেস্কঃ ব্ৰহ্মপুত্ৰ নৈৰ কাষৰীয়া মাজেৰ চৰ এলেকাত এটা চক্ৰই বগলীক ধৰি অন্যান্য প্ৰজাতিৰ পক্ষীক নিধন কৰাৰ খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।এই ঘটনাৰ পাছতে ধুবুৰী আৰক্ষীৰ এটা দলে উক্ত অঞ্চলটোত অভিযান চলাই। 

WhatsApp Image 2026-02-09 at 2.57.16 PM

উল্লেখ্য যে- আৰক্ষীৰ দলটোৱে অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰে । ইপিনে গ্ৰেপ্তাৰ কৰা লোক দুজন ধুবুৰীৰ আমিনুৰ ৰহমানআৰু কাইফ আলম খণ্ডকাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত লোকদুজনৰ পৰা  এটা এয়াৰ ৰাইফল জব্দ কৰাৰ লগতে বগলীকে ধৰি ৮ টাকৈ মৃত পক্ষী উদ্ধাৰ কৰিছে। ধুবুৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধুবুৰী থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।    

ধুবুৰী