'ধুবুৰী প্ৰেছ ইউনাইটেড'ৰ ৩৪ জনীয়া শক্তিশালী কাৰ্যকৰী কমিটী গঠন

ধুবুৰী জিলাৰ সাংবাদিকৰ বাবে গঠন হোৱা অন্যতম সংগঠন 'ধুবুৰী প্ৰেছ ইউনাইটেড'ৰ ৩৪ জনীয়া এখন শক্তিশালী কাৰ্যকৰী কমিটীৰ নাম-তালিকা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ধুবুৰী জিলাৰ সাংবাদিকৰ বাবে গঠন হোৱা অন্যতম সংগঠন 'ধুবুৰী প্ৰেছ ইউনাইটেড'ৰ ৩৪ জনীয়া এখন শক্তিশালী কাৰ্যকৰী কমিটীৰ নাম-তালিকা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে । সেই মতে ধুবুৰী প্ৰেছ ইউনাইটেডৰ নৱ নিৰ্বাচিত সভাপতি আৰু সম্পাদক হিচাপে প্ৰণৱাশীষ ৰয় আৰু  শ্বাহানুৰ ইছলামৰ নামটো ঘোষণা কৰে। উল্লেখযোগ্য যে,২০২৫ চনত ধুবুৰী জিলাৰ সাংবাদিক সকলৰ অধিকাৰ সুৰক্ষাৰ বাবে কেইবাটাও সাংবাদিক সংগঠন একত্ৰিত হৈ 'ধুবুৰী প্ৰেছ ইউনাইটেড' নামেৰে এক শক্তিশালী কাৰ্যকৰী কমিটী গঠন কৰা হৈছিল। 

WhatsApp Image 2026-02-02 at 7.00.21 PM

পৰৱৰ্তী সময়ত  'ধুবুৰী প্ৰেছ ইউনাই টেড' ৰ সাধাৰণ সম্পাদক গৰাকীয়ে শাৰিৰীক অসুস্থতাৰ বাবে অব্যাহতি দিয়াত ধুবুৰী প্ৰেছ ইউনাইটেডৰ সভাপতি প্ৰণৱাশীষ ৰয়ৰ আহ্বানত দেওবাৰে ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যালয় চৌহদত এখন জৰুৰী সভাৰ আয়োজন কৰা হৈছিল। ধুবুৰী প্ৰেছ ইউনাইটেড ৰ সভাপতি প্ৰণৱাশীষ ৰয়ৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, তামাৰহাট, পৰ্বতঝোৰা  অঞ্চলৰ বহু সংখ্যক সাংবাদিক উপস্থিত আছিল। সভাত ধুবুৰী প্ৰেছ ইউনাই টেড' ৰ সাধাৰণ সম্পাদক গৰাকীৰ শাৰিৰীক অসুস্থতাৰ বাবে অব্যাহতি দিয়া বিষয়টোক লৈ খৰচি মাৰি আলোচনা কৰি সভাই 'ধুবুৰী প্ৰেছ ইউনাইটেড' ৰ ২০২৬-২৭ বৰ্ষৰ বাবে ইউনাই টেডৰ পূৰ্বৰ সভাপতি প্ৰণৱাশীষ ৰয়ক পুনৰ সভাপতি পদতে নিৰ্বাচিত কৰাৰ লগতে সাধাৰণ সম্পাদকৰ পদ টোত শ্বাহানুৰ ইছলামৰ নামটো সভাই সৰ্বসন্মতি ক্ৰমে বাছনি কৰে। 

ইয়াৰ লগতে সভাই সংগঠন টোৰ উপ সভাপতি হিচাপে ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী, সহকাৰী সম্পাদক হিচাপে ছাইদুৰ ৰহমান আৰু মেহতাবউদ্দিন আহমেদ,সাংস্কৃতিক সম্পাদক হিচাপে জিতু মণি দাস,সাংগঠনিক সম্পাদক হিচাপে মহিবুল হক আলমক লৈ ৩৪ জনীয়া এখন শক্তিশালী কাৰ্যকৰী কমিটী গঠন কৰে। মন কৰিব লগীয়া যে, ধুবুৰীস্থিত ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ, ধুবুৰী জাৰ্নেলিষ্ট এছ'ছি য়েচন, গৌৰীপুৰ প্ৰেছ ক্লাৱৰ উপৰি সাংবাদিকৰ কেবাটাও দল-সংগঠনক অন্তৰ্ভূক্ত কৰি ধুবুৰী প্ৰেছ ইউনাইটেড ৰ কমিটীখন শক্তিশালী কৰি তোলা হয়।

WhatsApp Image 2026-02-02 at 7.00.22 PM

ধুবুৰী