ধুবুৰীৰ ৰবীন্দ্র পল্লীত  "হিন্দু সন্মিলনৰ" আয়োজন

ইয়াৰ মূল উদ্দেশ্য হৈছে সকলো হিন্দু সম্প্ৰদায়ৰ মানুহক একত্ৰিত কৰন কৰা আৰু সকলো হিন্দুৰ মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ মেল বন্ধন সৃষ্টি কৰা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ  উপলক্ষে গোটেই ভাৰতবৰ্ষত মুঠ ৮০ হাজাৰ "হিন্দু সন্মিলনৰ" আয়োজন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে সকলো হিন্দু সম্প্ৰদায়ৰ মানুহক একত্ৰিত কৰন কৰা আৰু সকলো হিন্দুৰ মাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ মেল বন্ধন সৃষ্টি কৰা। সেই উদ্দেশ্যৰে ধুবুৰীৰ ১০, ১১, ১২ আৰু ১৩ নং ৱাৰ্ডৰ হিন্দু ৰাইজে মিলি এখন  হিন্দু সম্মিলন  চহৰ খনৰ ৰবীন্দ্র পল্লীত অনুষ্ঠিত কৰে।

WhatsApp Image 2026-02-01 at 9.43.01 PM

ধুবুৰী চহৰৰ ১০, ১১, ১২ আৰু ১৩ নং ৱাৰ্ডৰ হিন্দু সম্মিলন  উদযাপন সমিতিৰ সম্পাদক অৰুনাভ আচার্য্যই উক্ত "হিন্দু সন্মিলন" খন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ বাবে হিন্দু আই মাতৃ,ভাই ভনী আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

ধুবুৰী