/asomiyapratidin/media/media_files/2025/12/25/new-ap-web-11-11-24-new-2-2025-12-25-17-37-34.jpg)
ডিজিটেল ডেস্কঃ আসন্ন বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে ব্যাপক কুচকাৱাজ চলাই থকাৰ সময়তে ধুবুৰী জিলাতো বিভিন্ন ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। ইয়াৰ মাজতে ধুবুৰী জিলা অগপৰ এগৰাকী প্ৰভাৱশালী নেতা তথা ধুবুৰী জিলা অগপৰ বিত্ত সম্পাদক অমিতাভ আচাৰ্য্য ওৰফে সজলে জিলা অগপৰ বিত্ত সম্পাদকৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-17-36-37.jpeg)
উল্লেখ্য যে,ধুবুৰী জিলা অগপৰ বিত্ত সম্পাদক অমিতাভ আচাৰ্য্যই এই সন্দৰ্ভত অগপৰ ধুবুৰী জিলা সমিতিৰ সভাপতি লৈও তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা সদৰী কৰে। একেদৰে অগপৰ ধুবুৰী বিধান সভা সমষ্টি সমিতিৰ উপ-সভাপতি পদৰ দায়িত্বৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে অমিতাভ আচাৰ্য্য ওৰফে সজলে। ইপিনে আগত দিনত অগপৰ প্ৰভাৱ শালী নেতা গৰাকীয়ে কোনটো ৰাজনৈতিক দলত যোগদান কৰিব তেওঁ ইয়াক লৈ এতিয়াও কোনো স্পষ্ট কৰা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-2025-12-25-17-36-56.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us