/asomiyapratidin/media/media_files/2025/12/22/1-2025-12-22-15-59-20.jpg)
ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ অভিযোগত পাটামাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমিৰ আলীক আঞ্চলিক পঞ্চায়ত সদস্যৰ পৰা অপসাৰণ কৰে ধুবুৰী জিলা আয়ুক্তই। অসম পঞ্চায়ত অধিনিয়ম, ১৯৯৪ৰ ধাৰা ১১১(২) আৰু সংশোধন কৰা অসম পঞ্চায়ত (সংবিধান) নিয়মাৱলী, ১৯৯৫ ৰ নিয়ম ৬২(৪) (খ) আৰু (গ) অনুসৰি, আঞ্চলিক পঞ্চায়তৰ সদস্য অৰ্থাৎ ৭৪-পাটামাৰী গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য আমিৰ আলীক অযোগ্য ঘোষণা কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/0551ab5d-7528-4087-bf28-723019f885ae-2025-12-22-15-59-48.jpeg)
উল্লেখ্য যে, তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৭৪-পাটামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ পৰা অপসাৰণ কৰা হৈছে। ইপিনে আসনখন এতিয়াৰ পৰা খালী হৈ থাকিব বুলিও আদেশ খনত উল্লেখ থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/22/0e68f826-987b-4715-b968-ae4a52edc4fc-2025-12-22-16-00-08.jpeg)
উল্লেখ্যযোগ্য ৭৪-পাটামাৰী গাঁও পঞ্চায়তৰ ৰেণুকা খাতুন নামৰ এগৰাকী মহিলাই অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত জিলা আয়ুক্তই এই আদেশ জাৰি কৰিছে বুলি জানিব দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us