/asomiyapratidin/media/media_files/2025/12/05/whatsapp-2025-12-05-14-47-59.jpeg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী সৰিয়হ খেতিৰ এক কৃষিপ্ৰধান এলেকা। এই কৃষিপ্ৰধান এলেকাৰ কৃষকসকলে শাক-পাচলি, ধান, মৰাপাট, সৰিয়হ, মাটিমাহ, মাকৈকে ধৰি বিভিন্ন খেতি কৰি নিজৰ লগতে আন বহুতৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে।
সমান্তৰাকৈ ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰাৰ স্থানীয় বহুলোক কে'বা সহশ্ৰাধিক ভূমিত সৰিয়হৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ অহৰহ প্ৰচেষ্টা চলাই গৈছে যদিও জিলা কৃষি বিভাগৰ পৰা সৰিয়হৰ বীজ বা সা-সঁজুলি সমূহ প্ৰকৃত কৃষক সকল নোপোৱাৰ এক অভিযোগ উত্থাপন কৰে। কৃষিপ্ৰধান এলেকা হৈয়ো ধুবুৰীত নাই এখন উদ্যোগ যাৰফলত পানীৰ দৰত বিক্ৰি কৰিব লগা হয় সৰিয়হ। এই সৰিয়হৰ বীজ বহি:ৰাজ্য পশ্চিমবংগলৈ লৈ যোৱা হয় বাবে উচিত মূল্যৰ পৰা বঞ্চিত হয় কৃষকসকল। ইয়াৰ পৰা ক্ৰয় কৰি লৈ যোৱা সৰিয়হৰ পৰা উৎপাদিত মিঠাতেল পুনৰায় ৰাজ্যত বিক্ৰী হৈ আছে উচ্চ দৰত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/05/whatsapp-image-2025-12-05-14-44-29.jpeg)
প্ৰণিধানযোগ্য যে, বৃহত্তৰ এই অঞ্চলটোত মিঠাতেলৰ কলঘৰ খোলাৰ বাবে চৰকাৰে ব্যৱস্থা কৰাৰ কামনা কৰিছে কৃষকসকল। এখন কলঘৰ থাকিলে পোনে পোনে সেই কলঘৰত সৰিয়হ বিক্ৰী কৰি উচিত মূল্য পাব বুলিও আশা প্ৰকাশ কৰে কৃষকসকলে। আনপিনে কৃষক সকলৰ আন এক অভিযোগ অনুসৰি এই সৰিয়হৰ খেতি কৰাৰ সময়ত জল সিঞ্চন বিভাগে যি ধৰণে পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিব লাগিছিল তেনেধৰণে পানী যোগান ধৰিব নোৱাৰাত কিছু অসুবিধাৰ সন্মুখীন হয় যদিও নিজৰ গাঁঠিৰ ধন খৰচ কৰি খেতি কৰাত কম লাভ হয় বুলি কৃষক সকল জানিবলৈ দিয়ে। চৰকাৰৰ পৰা প্ৰকৃত কৃষক সকল পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা পালে হয়তো ভবাতকৈ বেছি লাভ হোৱাৰ আশা প্ৰকাশ কৰা যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us