/asomiyapratidin/media/media_files/2025/11/29/2-2025-11-29-18-46-06.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ভাষা-সাহিত্য চ'ৰা, অসমীয়া বিভাগৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অমৃত ভূষণ দেৱ অধিকাৰীৰ স্মৃতিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্ৰ জিৎ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সভাৰ উদ্বোধনী গীত পৰিৱেশন কৰা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/whatsapp-image-2025-11-29-18-44-34.jpeg)
অনুষ্ঠানৰ প্ৰাসংগিকতাৰ বিষয়ে ব্যাখ্যা কৰি ড° উপেন্দ্ৰজিৎ শৰ্মাই কয়, সাম্প্ৰতিক সময়ত ছাত্ৰ -ছাত্ৰী সকলক আমি আমাৰ আমাৰ মহান ব্যক্তি সকলৰ বিষয়ে অৱগত কৰাতো অতী জৰুৰী হৈ পৰিছে।আজিৰ প্ৰজন্মই অমৃত ভূষণ দেৱ অধিকাৰী কোন আছিল; তেখেতৰ জাতীয় অৱদান কি আছিল সেই কথা নাজানে। এনেদৰে আমি গৈ থাকিলে আমি আমাৰ ঐতিহ্য হেৰুৱাই পেলাম। অনুষ্ঠানটোত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ বহুমুখী অৱদানৰ বিষয়ে এক তথ্য সমৃদ্ধ মনোজ্ঞ ভাষণ প্ৰদান কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° অলকা শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/1-2025-11-29-18-45-04.jpeg)
ভাষণ প্ৰসংগত ড° শৰ্মাই কয় যে মামণি ৰয়ছম গোস্বামী আমাৰ প্ৰেৰণাৰ প্ৰতীক।নাৰী জাতিৰ মুক্তিৰ সত্ত্বা।অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জাতীয়তাবাদী পুৰুষ অমৃত ভূষণ দেৱ অধিকাৰীৰ বিষয়ত এক সুন্দৰ ভাষণ প্ৰদান কৰে অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° কৰুণা কান্ত দাসে। ইয়াৰ পিছতে ছাত্ৰ -ছাত্ৰী সকলে ড°মামণি ৰয়ছম গোস্বামীৰ জীৱন -দৰ্শন, অসমীয়া উপন্যাস সাহিত্যত মামণি ৰয়ছম গোস্বামীৰ নাৰী মুক্তিৰ চেতনা, অসমীয়া ৰামায়ণী সাহিত্য আৰু মামণি ৰয়ছম গোস্বামী, অমৃত ভূষণ দেৱ অধিকাৰীৰ ভাষা সচেতনতা, অসমীয়া জাতীয়তাবাদ আৰু অমৃত ভূষণ দেৱ অধিকাৰী, অসমীয়া উপন্যাস সাহিত্যৰ গঠন আৰু বিকাশ আদি বিষয়ত গৱেষণা পত্ৰ পাঠ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/whatsapp-image-2025-11-29-18-45-20.jpeg)
এই অনুষ্ঠানত অসমীয়া বিভাগৰ অধ্যাপক -অধ্যাপিকাসকল ক্ৰমে ড° পলী বেজবৰুৱা, ছাইফুল হাচান,দেৱশ্ৰী ৰায় , মনালিছা বেগমকে প্ৰমুখ্য কৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইপিনে জাতীয় সংগীত পৰিবেশনেৰে এই অনুষ্ঠানৰ সামৰণি পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us