/asomiyapratidin/media/media_files/2025/11/24/5-2025-11-24-19-05-27.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ হত্যাৰ অভিযোগত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবীত ধুবুৰীৰ নুনিয়া পট্টি অঞ্চলত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চহৰ খনৰ নুনিয়া পট্টি অঞ্চলৰ ৰাজপথ বন্ধ কৰি স্থানীয় পুৰুষ-মহিলাই বিয়লিৰ ভাগত এই প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিব দিয়ে। ইপিনে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰাৰ খবৰ লাভ কৰা গৈছে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ধুবুৰীৰ নুনিয়া পট্টি অঞ্চলত সংঘটিত হোৱা কাজিয়া আৰু মাৰপিটৰ ফলত সন্তোষ চৌধুৰী নামৰ এজন যুৱক গুৰুতৰ ভাবে আহত হোৱাত তেওঁক ধুবুৰীৰ মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত যুৱকজনৰ মৃত্যু হৈছিল। অভিযোগ অনুসৰি প্ৰদীপ গোৱালাকে ধৰি ৮ জনীয়া দল এটাই নুনিয়া পট্টিৰ সন্তোষ চৌধুৰী নামৰ যুৱক জনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল।নিহত সন্তোষ চৌধুৰীৰ ঘৰত আক্ৰমণ কাৰী দলটোৱে প্ৰৱেশ কৰি ঘৰৰ পৰা সন্তোষ চৌধুৰীক টানি বাহিৰত উলিয়াই মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
তাৰোপৰি পৰৱৰ্তী সময়ত ধুবুৰীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই ১৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল সন্তোষ চৌধুৰীয়ে। এই ঘটনা সংক্ৰান্তত প্ৰদীপ গোৱালা সহ আঠজন লোকৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল সন্তোষ ৰায়ৰ পৰিয়ালে। ধুবুৰী আৰক্ষীয়ে ৪২১/২০২৫ নম্বৰত গোচৰ ৰুজু কৰিছে যদিও আজি লৈ ধুবুৰী আৰক্ষীয়ে এজনো দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে।
ইপিনে ক্ষোভিত হৈ পৰা সন্তোষ চৌধুৰীৰ পৰিয়ালসহ স্থানীয় ৰাইজে প্ৰদীপ গোৱালাসহ ৮ জন কৈ অভিযুক্তৰ পোষ্টাৰ হাতত লৈ নুনিয়া পট্টি অঞ্চলত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে বিগত দিনে কোনো এজন অভিযুক্তক ধৰিব নোৱাৰা ধুবুৰী আৰক্ষীয়ে সমাজসেৱী শিমূল সৰকাৰসহ কেইবাজনো প্ৰতিবাদ কাৰীক ঘটনা সন্দৰ্ভত আটক কৰি ধুবুৰী আৰক্ষী থানালৈ প্ৰেৰণ কৰে। অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি অনুসন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us