আৱাসিক মাদ্ৰাছাত ছাত্ৰীক অশ্লীল প্ৰস্তাৱ ভণ্ড মৌলবীৰঃ ধুবুৰীত উত্তপ্ত পৰিস্থিতি

অভিযোগ অনুসৰি, উক্ত মাদ্ৰাছাখনৰ এজন ভণ্ড মৌলবীয়ে ১৩ বছৰীয়া এগৰাকী ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি ভয়-ভাবুকি প্ৰদৰ্শন কৰিছিল।

author-image
Asomiya Pratidin
New Update
kytrtfytghghgyhrtyryrftyrty

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ সাহেবগঞ্জ বানাত(ছোৱালী) মাদ্ৰাছাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি, উক্ত মাদ্ৰাছাখনৰ এজন ভণ্ড মৌলবীয়ে ১৩ বছৰীয়া এগৰাকী ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি ভয়-ভাবুকি প্ৰদৰ্শন কৰিছিল।

প্ৰাপ্ত তথ্য মতে, অভিযুক্ত ভণ্ড মৌলবী মোকতাৰ হোসেনে নিশা ছাত্ৰী গৰাকীক একেখন বিচনাত শুবলৈ বাধ্য কৰাৰ চেষ্টা কৰিছিল। ছাত্ৰী গৰাকীয়ে এই প্ৰস্তাৱত অমান্তি হৈ ঘটনাটো ওচৰত থকা স্থানীয় বাসিন্দা শিৰাজুল চিকাৰী নামৰ এজন লোকক অৱগত কৰে। পিছত স্থানীয় ৰাইজৰ সহযোগত অভিযুক্ত ভণ্ড মৌলবী মোকতাৰ হোসেনক আটক কৰি বালাজান আৰক্ষীৰ হাতত গতাই দিয়া হয়। ঘটনাৰ পিছতে মাদ্ৰাছা চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

ইফালে অভিযোগ উঠিছে যে, মাদ্ৰাছা পৰিচালনা সমিতিয়ে এই ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছে। লগতে পুৰ্বেও এই মাদ্ৰাছাখনত একাধিক ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল বুলি স্থানীয় ৰাইজে দাবী কৰিছে। দীৰ্ঘদিন ধৰি অবৈধভাৱে মাদ্ৰাছাখন চলাই ছাত্ৰীসকলৰ ওপৰত যৌন আতিশয্য চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

বৰ্তমান ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে, ভূক্তভোগী ছাত্ৰী গৰাকীৰ পৰিয়ালক “মেনেজ” কৰাৰ চেষ্টা চলাইছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।

ধুবুৰী