/asomiyapratidin/media/media_files/2026/03/08/dhubriiiririr-2026-03-08-14-17-38.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীত অভিজনা ই মিউজিয়ামৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে হেৰিটেজ ৱাকৰ আয়োজন কৰা হয়। ইতিহাস প্ৰসিদ্ধ ধুবুৰীৰ বিভিন্ন কীৰ্তি চিহ্ন সমূহৰ সবিশেষ তথ্য বুজাই দিয়াৰ বাবে ধুবুৰী চহৰৰ একাংশ মহিলা সকলক লৈ ধুবুৰীত এই হেৰিটেজ ৱাকৰ আয়োজন কৰা হয়।
উক্ত হেৰিটেজ ৱাকৰ আঁত ধৰে ধুবুৰীৰ হেৰিটেজ ৱাকৰ লিডাৰ বিজয় শৰ্মাই। অভিজনা ই মিউজিয়ামে এই হেৰিটেজ ৱাকৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ দেৱজিত দাসক সমন্বয়ক হিচাপে নিয়োগ কৰে।
উক্ত হেৰিটেজ ৱাকত ধুবুৰীৰ ১৯০৫ চনত স্থাপন হোৱা ধুবুৰীৰ ৰাণী ভিক্টোৰিয়া পাৰ্ক, ১৮৭৫ চনত স্থাপন হোৱা ব্ৰাহ্ম মন্দিৰ, ১৭৬৫ চনৰ আৰ্মেনিয়ান চাৰ্চ, ১৬ শতিকাৰ গুৰুদ্বাৰাকে ধৰি ধুবুৰীৰ বহু পৌৰাণিক কৃতি চিহ্নৰ স্থানসমূহ পদব্ৰজে পৰিদৰ্শন কৰি প্ৰাচীন স্থান সমুহৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us