/asomiyapratidin/media/media_files/2026/02/24/jkdjhfkjd-2026-02-24-17-10-16.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি আৰু কামত ফাঁকি নিদিয়াৰ বাবে ৰঙা চকু দেখুওৱাৰ পাচতো ধুবুৰীত কিন্তু ইয়াৰ বিপৰীত ছবিহে দেখা গৈছে। ধুবুৰীৰ এখন চৰকাৰী কাৰ্যালয় নামতহে চলি থকাৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰী চহৰৰ আৰ কে মিছন ৰোডস্থিত জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ত চলিছে অৰাজক পৰিস্থিতি।
অভিযোগ অনুসৰি, জিলা প্ৰাপ্ত বয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়টোত আছে ১৭ টাকৈ পদ। তাৰে ১৫টা পদৰ বিষয়া-কৰ্মচাৰীক উক্ত কাৰ্যালয়টোৰ পৰা লৈ আনি ধুবুৰীৰ স্কুলসমূহৰ পৰিদৰ্শকৰ (আই এছ)ৰ কাৰ্যালয় চৌহদত থকা সৰু কোঠা এটাত কাম কৰিবলৈ দিয়া হৈছে। বাকী ২ জন কৰ্মচাৰীৰ ভিতৰত অনন্ত নাথ নামৰ পিয়ন এজন আৰু বিশ্বজিৎ দত্ত নামৰ কৰ্মচাৰী এজনক ৰখা হৈছে আৰ কে মিছন ৰোডস্থিত জিলা প্ৰাপ্ত বয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ত।
ইফালে, ধুবুৰীৰ আই এছ জিলা প্ৰাপ্ত বয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া হোৱা হেতুকে আই এছৰ অফিচতে বাকী ১৫ জন কৰ্মচাৰী থকাৰ বিপৰীতে চহৰখনৰ আৰ কে মিছন ৰোডস্থিত জিলা প্ৰাপ্ত বয়স্ক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ৰখীয়া হিচাপে ৰখা হৈছে দুজনক। কাৰ্যালয়টোত পিয়নজনৰ কাম একো নাই। ৰাতিপুৱা অফিচৰ তলা খুলে, আবেলি অফিচৰ তলা বন্ধ কৰে। আন এজন কৰ্মচাৰী বিশ্বজিৎ দত্ত অফিচলৈ আহে নে নাই কাৰো খবৰ নাই। এটেন্ডেন্স বহীত বিশ্বজিৎ দত্তৰ কেইবাদিন ধৰি চহী নাই। তথাপি মাহৰ দৰমহা ঠিকেই লৈ আছে কৰ্মচাৰী জনে।
অভিযোগ মতে, এন আই এল পিৰ অধীনত কাৰ্যালয়টোৱে উল্লাস আঁচনিৰ কাম কৰাৰ নামত ধুবুৰী জিলাৰ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অমিত পাল নামৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক আৰু বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমীৰ পৰা সুজিত কুমাৰ পাল নামৰ এজন শিক্ষকক এটাচত আনি ধুবুৰীৰ স্কুল সমুহৰ পৰি দৰ্শকৰ (আই এছ)ৰ কাৰ্যালয় চৌহদত ৰাখিছে। যাৰ বাবে উক্ত স্কুল দুখনতো যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us