/asomiyapratidin/media/media_files/2026/02/05/ujjjdd-2026-02-05-17-44-57.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ চিপিআইএমৰ ধুবুৰী জিলা কমিটীৰ উদ্যোগত আজি চিপিআইএমৰ কৰ্ম-কৰ্তা সকলে ধুবুৰী চহৰৰ ষ্টেচন ৰোডত ৩ ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
চিপিআইএমৰ ধুবুৰী জিলা কমিটীয়ে এম.জি.এনৰেগা বাহাল ৰাখি ভিবি জি ৰাম জি বিল প্রত্যাহাৰ কৰা,এনৰেগাত মহাত্মা গান্ধীৰ নাম সন্নিবিষ্ট কৰা, গাঁৱলীয়া শ্ৰমিকৰ বাবে ২০০ দিনৰ কাম দিয়াৰ ব্যৱস্থা কৰা আৰু কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগা আঁচনিত কেন্দ্ৰীয় পূঁজিৰ পৰিমাণ বৃদ্ধি কৰা, এছ আৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰা আৰু সকলো বৈধ ভাৰতীয়ৰ নাম সন্নিবিষ্ট কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা, ধান, সৰিয়হ,আলু আৰু ভূট্টাকে ধৰি কৃষকৰ উৎপাদিত ফচলৰ উপযুক্ত নুন্যতম সহায়ক মূল্য ঘোষণা কৰি উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰা আৰু কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা জন বিৰোধী বাজেট প্ৰতাহাৰ কৰাৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
পিচত চিপিআইএমৰ ধুবুৰী জিলা কমিটীৰ ফালৰ পৰা এখন স্মাৰক পত্ৰ ধুবুৰী জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us