/asomiyapratidin/media/media_files/2026/01/19/1-2026-01-19-11-28-32.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ শুক্ৰবাৰে মাটিয়াবাগ অঞ্চলৰ বৈদ্যুতিক টাৱাৰত ৰহস্যজনক ভাবে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল এজন ট্ৰেক্টৰ চালকৰ মৃতদেহ। ছানোৱাৰ হুছেইন ওৰফে কেতু নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।
/asomiyapratidin/media/post_attachments/3a1e0afd-d70.png)
হত্যা কৰি আত্মহননৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি কদম আলী আৰু তেওঁৰ পিতৃ আজাদ আলীৰ বিৰুদ্ধে ছানোৱাৰ হুছেইন ওৰফে কেতুৰ পৰিয়ালে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ। আনপিনে চিমেণ্ট চুৰি কাণ্ডক লৈ মৰিয়াই মৰিয়াই হত্যা কৰি আত্মহননৰ ৰূপ দিয়াৰো অভিযোগ উত্থাপন হৈছিল দুই পিতা-পুত্ৰৰ বিৰুদ্ধে।
/asomiyapratidin/media/post_attachments/52be5433-d0d.png)
উল্লেখ্য যে, এই ঘটনাৰ পাছতেই অভিযুক্ত কদম আলী আৰু তেওঁৰ পিতৃ আজাদ আলী পলাতক অৱস্থাত আছিল বুলি জানিব পৰা গৈছিল। ইপিনে আৰক্ষীয়ে কদম আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। দেওবাৰে ধৃত কদম আলীক ধুবুৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় গৌৰীপুৰ আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৮/২৬ নম্বৰত হত্যাৰ গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰে তদন্ত। বৰ্তমানেও কদম আলীৰ পিতৃ আজাদ আলী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/37eaa3bb-ec7.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us