/asomiyapratidin/media/media_files/2025/08/18/115-2025-08-18-21-11-54.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : বহু জল্পনা-কল্পনাৰ অন্তত সোমবাৰে এইইইউডি এফ দলৰ নেতৃত্বাধীন ধুবুৰী জিলা পৰিষদখন গঠন হয়। উল্লেখযোগ্য যে ধুবুৰী জিলা পৰিষদৰ ২০ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত কংগ্ৰেছে দখল কৰিছিল ১০ টা জিলা পৰিষদ সমষ্টি, বিজেপিয়ে ৫ টা জিলা পৰিষদ সমষ্টি, ৰাইজৰ দলে ১ টা সমষ্টিত, নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ টা সমষ্টি আৰু এআইইউডিএফে ৩ টা জিলা পৰিষদ সমষ্টি।
আনহাতে আজি ধুবুৰী জিলা পৰিষদখন গঠন কৰাৰ বাবে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথৰ সঞ্চালনাত ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভাৰ আয়োজন কৰা হৈছিল। আজি জিলা পৰিষদখন গঠন কৰিবলৈ কংগ্ৰেছৰ ১০জন নিৰ্বাচিত সদস্য উপস্থিত হোৱাৰ বিপৰীতে এ আই ইউ ডি এফৰ তিনি গৰাকী সদস্য, ৰাইজৰ দলৰ এগৰাকী সদস্য আৰু এগৰাকী নিৰ্দলীয় সদস্য উপস্থিত হৈছিল।
ধুবুৰী জিলা পৰিষদ গঠনৰ বাবে আজি আহ্বান জনোৱা সভাখনত বিজেপি দলৰ ৫ জনকৈ নিৰ্বাচিত সদস্য অনুপস্থিত আছিল। সেইমতে আজিৰ সভাখন ১৫ গৰাকী উপস্থিত জিলা পৰিষদ সদস্যৰ মাজত অনুষ্ঠিত হৈছিল।
তদুপৰি ধুবুৰী জিলা পৰিষদৰ সভাপতি আৰু উপসভাপতিৰ পদটো এইবাৰ মহিলাৰ বাবে সংৰক্ষণ কৰাৰ ফলত এ আই ইউ ডি এফে উক্ত সভাত নায়েৰ আলগা-টিলাপাৰা জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা ইয়াছমিন মিঞাৰ নাম প্ৰস্তাৱ কৰাত কংগ্ৰেছৰ ফালৰ পৰা ফলিমাৰী জিলা পৰিষদৰ নিৰ্বাচিত সদস্য ৰেজিনা আহমেদৰ নাম প্ৰস্তাৱ কৰে।
তেতিয়া ধুবুৰী জিলা আয়ুক্তই আজিৰ সভাখনত উপস্থিত থকা ১৫ জন নিৰ্বাচিত সদস্যৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত এ আই ইউ ডি এফ সমৰ্থিত নায়েৰ আলগা-টিলাপাৰা জিলা পৰিষদ সমষ্টিৰ সদস্য ফৰিদা ইয়াছমিন মিঞাই ৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ফলিমাৰী জিলা পৰিষদৰ নিৰ্বাচিত সদস্য ৰেজিনা আহমেদে ৭ টা ভোট লাভ কৰে।
ইপিনে আজি এ আ ইউ ডি এফে মাত্ৰ ৩গৰাকী নিৰ্বাচিত জিলা পৰিষদৰ সদস্যক লৈয়েই জিলা পৰিষদ দখল কৰা কাৰ্যই স্বাভাৱিকতে ৰাজনৈতিক মহলত বেছ চৰ্চা লাভ কৰা দেখা গৈছে। আনপিনে ধুবুৰী জিলা পৰিষদৰ উপ সভাপতি পদটোত কংগ্ৰেছৰ বাহিৰ শালমাৰা জিলা পৰিষদৰ নিৰ্বাচিত সদস্য শ্বাহনাজ বেগম ১০ টা ভোট পাই জয়ী হয়।
ইয়াৰ বিপৰীতে এআইইউ ডিএফৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য ৰেজিনা বেগমে ৫ টা ভোট লাভ কৰে বুলি জানিব পৰা গৈছে। অভিযোগ মতে ধুবুৰী জিলা পৰিষদখন গঠনক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ মুঠ ৪ জন সদস্য এআই ইউডিএফৰ হাতত বিক্ৰী হোৱা বুলি অভিযোগ উঠিছে। একেদৰে এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাৰ ইংগিত পোৱা বুলিও একাংশৰ মাজত চৰ্চা লাভ কৰিছে।
ধুবুৰী জিলা পৰিষদখন এআইইউডিএফে গঠন কৰা বুলি খবৰ বিয়পি পৰাৰ লগে লগে ধুবুৰী ৰাজীৱ ভৱনত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছৰ ১০ জন কৈ জিলা পৰিষদৰ নিৰ্বাচিত সদস্য থকাৰ পিচতো কংগ্ৰেছে ধুবুৰী জিলা পৰিষদখন গঠন কৰিব নোৱাৰাৰ বাবেই জিলা কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে আজি ধুবুৰী ৰাজীৱ ভৱনত তলা লগাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰব গগৈ ধুবুৰী ৰাজীৱ ভৱন লৈ নহা লৈকে ধুবুৰী ৰাজীৱ ভৱনৰ দুৱাৰৰ তলা খোলা নহ'ব বুলিও জিলা কংগ্ৰেছৰ ক্ষুব্ধ তৃণমূল কৰ্মী সকলে হুংকাৰ দিয়ে। পিচত ধুবুৰী আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লোকক ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত নিয়োগ কৰাতহে পৰিস্থিতি শান্ত হয়।
ইয়াৰ বিপৰীতে আজি ধুবুৰী সমষ্টিৰ বিধায়ক তথা এআই ইউডিএফৰ জ্যেষ্ঠ নেতা নজৰুল হকে সাংবাদিকৰ আগত এক বিস্ফোৰক মন্তব্য কৰি কয় যে কংগ্ৰেছ দলৰ ৪ জন নিৰ্বাচিত জিলা পৰিষদৰ সদস্যই এ আই ইউ ডিএফ দলক এইবাৰৰ ধুবুৰী জিলা পৰিষদখন গঠন কৰাত সমৰ্থন জনাইছে। ধুবুৰী জিলাত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ যে কোনো স্থিতি নাই আৰু তেওঁৰ কাম-কাজত স্বয়ং কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে অতিষ্ঠ হৈ পৰি আজি এ আই ইউ ডি এফৰ শৰণাপন্ন হৈছে বুলি তেওঁ কয়।