স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বিদ্যুৎ সেৱা লাভ কৰা গাঁওখন

ধুবুৰীৰ অসম-পশ্চিমবংগ সীমান্তৰ দুৰ্গম সীমান্তৱৰ্তী ছোটো পোকালাগী গাওঁখনলৈ এইবাৰ সুখৰ বাৰ্তা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
dhurbriii

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ অসম-পশ্চিমবংগ সীমান্তৰ দুৰ্গম সীমান্তৱৰ্তী ছোটো পোকালাগী গাওঁখনলৈ এইবাৰ সুখৰ বাৰ্তা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। সেই গাওঁখনৰ বাসিন্দাসকলে ভাৰতৰ স্বাধীনতাৰ পাছত এইবাৰ পোন প্ৰথমবাৰৰ বাবে বিদ্যুৎ সেৱা লাভ কৰাৰ বাতৰি পোৱা গৈছে। 

বহু দশক ধৰি বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ থকা গাঁওবাসীৰ বাবে বহু প্রত্যাশিত বিদ্যুৎকৰণে সকাহ আৰু আনন্দ কঢ়িয়াই আনিছে। স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে গাওঁবাসী। ছোটো পোকালাগী ভৌগোলিকভাৱে অতি গুৰুত্বপূৰ্ণ অঞ্চল। প্রশাসনিকভাৱে অসমৰ অংশ হোৱাৰ পাচতো চাৰিওফালৰ পৰা পশ্চিম বংগৰ ভূখণ্ডই আগুৰি আছে গাওঁখনক। 

দুৰ্গম অঞ্চল হোৱা হেতুকে এই গাঁওখন প্ৰজন্মৰ পাছত প্রজন্ম ধৰি বিদ্যুৎ গ্রীডৰ পৰা বিচ্ছিন্ন হৈ আছিল। বছৰ বছৰ ধৰি গাঁওবাসীয়ে বাৰে বাৰে সংশ্লিষ্ট বিভাগ আৰু স্থানীয় প্ৰতিনিধিৰ কাষ চাপি গাওঁখনত বিদ্যুৎ সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল।

কিন্তু ধাৰাবাহিকভাৱে আবেদন-নিবেদন কৰাৰ পাছতো ছোটো পোকালাগী গাওঁখনলৈ বিদ্যুৎ সংযোগ কৰাৰ বাবে কোনেও গুৰুত্ব দেখুওৱা নাছিল। যাৰ ফলত সেই গাঁৱৰ বাসিন্দাসকলে কেৰাচিন লেম্প আৰু অন্যান্য পৰম্পৰাগত পোহৰৰ উৎসৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। কিন্তু বৃহস্পতিবাৰে অৱশেষত সেই গাওঁবাসীৰ অপেক্ষাৰ অন্ত পৰিল। 

অসম শক্তি বিতৰণ কৰ্তৃপক্ষ আৰু পশ্চিমবংগৰ বিদ্যুৎ বিভাগৰ মাজত সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে গাঁওখনলৈ বিদ্যুৎ যোগান বৃদ্ধিৰ ব্যৱস্থা কৰা হয়। ছোটো পোকালাগীৰ প্ৰায় ১২০ টাৰো অধিক ঘৰক এতিয়া বিদ্যুৎ গ্রীডৰ সৈতে সংযোগ কৰা হৈছে। গাঁওবাসীয়ে এইক্ষেত্ৰত আনন্দ আৰু সকাহ প্ৰকাশ কৰি এই মুহূৰ্তটোক তেওঁলোকৰ জীৱনৰ বাবে অতিকে আনন্দৰ আৰু পৰিৱৰ্তনশীল বুলি অভিহিত কৰে। 

ইফালে, এজন বাসিন্দাই কয় যে- আজিৰ পৰা আমি হাৰিকেন লেম্পক বিদায় দিছো। ছোটো পোকা লাগীৰ বিদ্যুৎকৰণে সীমান্ত অঞ্চলৰ মৌলিক আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰাৰ লগতে অসমৰ এখন বিচ্ছিন্ন গাঁৱত বহুদিনীয়া উন্নয়নৰ প্ৰতীক হিচাপে থিয় দিছে।

ধুবুৰী