ধুবুৰীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ প্ৰতিচ্ছবি দাহ

ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ধুবুৰী জিলা। আক্ৰাছুৱে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ প্ৰতিচ্ছবি দাহ কৰাৰ লগতে "লীনা দলে মুৰ্দাবাদ" ধ্বনিৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-11 at 3.37.36 PM

ডিজিটেল সংবাদ, চাপৰঃ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ধুবুৰী জিলা। আক্ৰাছুৱে ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ প্ৰতিচ্ছবি দাহ কৰাৰ লগতে "লীনা দলে মুৰ্দাবাদ" ধ্বনিৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। শালকোছাৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় সংগঠনটোৱে।

উল্লেখযোগ্য যে, বুধবাৰে গোলকগঞ্জত আক্ৰাছুৰ নেতা-কৰ্মীৰ ওপৰত আৰক্ষীয়ে কৰা বৰ্বৰ লাঠিচালনাক কেন্দ্র কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে চৰকাৰক জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক তৎক্ষণাত নিলম্বন কৰাৰ বাবে দাবী উত্থাপন কৰে। অন্যথা সমগ্ৰ অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে আক্ৰাছুৱে।

আনহাতে, ধুবুৰী জিলাত আক্ৰাছুৱে আহ্বান কৰা ১২ ঘন্টীয়া বন্ধৰ প্ৰভাৱ শালকোছাত পৰা দেখিবলৈ পোৱা যায়। কোচ ৰাজবংশীক জনজাতীকৰণ আৰু পৃথক কমতাপুৰ গঠনক লৈ এই প্ৰতিবাদী কার্যসূচী অব্যাহত ৰাখিছে আক্ৰাছুৱে।

লীনা দলে