/asomiyapratidin/media/media_files/2025/08/25/1-2025-08-25-16-03-10.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি উপলক্ষে আনুষ্ঠানিকভাৱে আত্মসহায়ক গোটসমূহৰ সদস্যাসকলক ১০,০০০ টকাৰ চেক বিতৰণ কৰা হয়।
এই উপলক্ষে আজি ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা এখন মুকলি সভাত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ মহিলা আত্ম সহায়ক গোটৰ সদস্যা সকলক ১০,০০০ টকাৰ চেক বিতৰণ কৰে।
মহিলা সকলক উদ্যেশ্য কৰি মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে আজি কয় যে, পৰিশ্ৰমী অসমীয়া নাৰীৰ স্বাৱলম্বী যাত্ৰাত উৎসাহিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ ২ লাখ মহিলা আত্ম সহায়ক গোটৰ সদস্যাক উদ্যমিতা আৰু আত্মনিৰ্ভৰশীলতাৰ পথত আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে।
এই আঁচনিৰ জৰিয়তে প্ৰতি গৰাকী উপযুক্ত মহিলাক চেক যোগে ১০,০০০ টকাৰ পুঁজি প্ৰদান কৰা হ'ব।টেইলাৰিং, হাঁহ, কুকুৰা, গাহৰি পালন,দোকান আৰু হস্তশিল্প আদি কৰি বিভিন্ন ধৰণৰ ব্য
ৱসায় যি মহিলা উদ্যোগৰ বিকাশৰ লগতে এই অভিযানে নগৰাঞ্চলৰ জীৱিকাৰ বিকল্প সম্ভাৱনাক উৎসাহিত কৰিব বুলি মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়।
এই আচঁনিৰ দ্বাৰা ৮ নম্বৰ ধুবুৰী বিধানসভাৰ অধীন ত ধুবুৰী পৌৰসভাৰ ৪২৪২ গৰাকী আত্মসহায়ক গোটৰ মহিলা সকলক ১০,০০০ টকাকৈ চেক প্ৰদান কৰা হয় অৰ্থাৎ ৯৪৩৬ হিতাধিকাৰী এই আচঁনিৰ দ্বাৰা লাভাম্বিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰিও এই আচঁনিৰ দ্বাৰা বেংকৰ লগত সংযোগ স্থাপন কৰাত হিতাধিকাৰীসকলৰ কাৰণে সহায় হ'ব আৰু তিনিটা পৰ্যায়ত কাৰ্যকৰি কৰা হ'ব।
এই আঁচনিয়ে আত্মসহায়ক গোটৰ সদস্যা সকলক সফল গ্ৰাম্য উদ্যোগী হিচাপে শক্তিশালী কৰাত আৰু ইয়াৰ জৰিয়তে অসমৰ লগতে ধুবুৰী জিলাৰ গ্ৰাম্য আৰু চহৰাঞ্চলৰ অৰ্থনীতি সবল কৰাত নিশ্চিত ভাৱে সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
আজিৰ এই চেক বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, বিজেপিৰ জ্যেষ্ঠ নেতা শিলাদ্যিত্য দেৱ, ধুবুৰী পৌৰসভা পৌৰপতি ডা: দেৱময় সান্যাল কে ধৰি ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।