খালেক ছাৰৰ বিৰুদ্ধে শিক্ষাৰ্থীক অশ্লীল ভিডিঅ’ দেখুৱাৰ অভিযোগ

মঙলবাৰে পুৱা ধুবুৰীৰ ৯৮৯ নং ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয় খনৰ সহকাৰী শিক্ষক আব্দুল খালেকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-24 at 12.52.02 PM

ডিজিটেল সংবাদ, ধুবুৰীঃ মঙলবাৰে পুৱা ধুবুৰীৰ ৯৮৯ নং ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয় খনৰ সহকাৰী শিক্ষক আব্দুল খালেকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। 

Capturevcvcvcvcvcvcvcvcvcvcv

আব্দুল খালেক নামৰ শিক্ষক গৰাকীয়ে প্ৰায়ে বিদ্যালয়খনৰ সৰু-সৰু ছাত্ৰ-ছাত্ৰীক তেওঁৰ ম'বাইল যোগে অশ্লীল ভিডিঅ দেখুওৱাৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল। এই ঘটনাৰ পাছতে বিদ্যালয়খনলৈ প্ৰায় দুই শতাধিক ৰাইজ, অবিভাৱক আহি উক্ত শিক্ষক গৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে।

Capturedcdgfgffghfg

ইফালে, ধুবুৰী আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ শিক্ষক আব্দুল খালেকক আটক কৰে। সম্প্ৰতি অভিযুক্ত শিক্ষক গৰাকীক ধুবুৰী সদৰ থানালৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে।

ধুবুৰী